ত্ৰিপুৰাত ভয়ংকৰ বান পৰিস্থিতি! ৭ জনৰ মৃত্যু, সন্ধানহীন ২ জন

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাত বিগত ৪৮ ঘণ্টাধৰি দি থকা ধাৰাসাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিত এতিয়ালৈকে ৭ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে দুজন লোক সন্ধানহীন হৈ আছে। মঙলবাৰে এই তথ্য সদৰী কৰিছে ৰাজ্য চৰকাৰে। ত্ৰিপুৰা চৰকাৰে সদৰী কৰা মতে, ধাৰাসাৰ বৰষুণৰ পিছত সৃষ্টি হোৱা বান পৰিস্থিতিৰ বাবে ৫৬০৭ জন লোকে আশ্ৰয় শিৱিৰত আশ্ৰয় ল’বলগীয়া হৈছে।

বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি ৰাজহ বিভাগৰ সচিব ব্রিজেশ পাণ্ডেয়ে মঙলবাৰে কয় যে বিগত ৪৮ ঘন্টাত অবিৰত বৰষুণৰ বাবে ত্ৰিপুৰাৰ নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতিৰ সৃষ্টি হৈছে।

তেওঁ কয় যে যোৱা ২৪ ঘন্টাত বাগাফা (৩৭৫.৮ মিলিমিটাৰ) আৰু বেলোনিয়া(৩২৪.৪ মিলিমিটাৰ) দক্ষিণ ত্ৰিপুৰা জিলা আৰু গোমটিৰ অমৰপুৰ (৩০৭.১ মিলিমিটাৰ)ত যথেষ্ট উচ্চ মাত্ৰাৰ বৰষুণ হৈছে। যাৰ ফলত হাওৰা, ধলাই, মুহুৰি আৰু খোৱাই নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ গৈছে।

তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই নতুন দিল্লীৰ পৰা নিয়মীয়াকৈ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আজি সন্ধিয়া নতুন দিল্লীৰ পৰা উভতি অহাৰ সময়ত বান পৰিস্থিতিৰ ওপৰত পুনৰীক্ষণ বৈঠক অনুষ্ঠিত কৰিব।

ব্ৰিজেশ পাণ্ডেয়ে বান পৰিস্থিতি সন্দৰ্ভত কয়, ‘ৰাজ্যৰ ৫৬০৭টা ক্ষতিগ্ৰস্ত পৰিয়ালক আশ্ৰয় প্ৰদানৰ বাবে জিলা প্ৰশাসনে মুঠ ১৮৩টা সাহায্য শিবিৰ মুকলি কৰিছে। ইয়াৰে ২৪টা সাহায্য শিবিৰ পশ্চিম ত্ৰিপুৰা জিলাত, ৬৮টা সাহায্য শিবিৰ গোমাটি জিলাত, ৩০টা সাহায্য শিবিৰ দক্ষিণ ত্ৰিপুৰা জিলাত আৰু ৩৯টা সাহায্য শিবিৰ খোৱাই জিলাত মুকলি কৰা হৈছে। বাকী চাৰিখন জিলাত ৰেষ্ট কেম্প আছে।”

তেওঁ লগতে কয় যে জিলা আৰু মহকুমা প্ৰশাসনে এই সাহায্য শিবিৰসমূহত খাদ্য, খোৱাপানী, চিকিৎসা ইত্যাদিকে ধৰি প্ৰয়োজনীয় সা-সুবিধা প্ৰদান কৰি আছে।

জিলা পৰ্যায়ৰ নিজ নিজ ডি এম আৰু ৰাজ্যিক পৰ্যায়ৰ সচিব(আৰ আৰ এণ্ড ডি এম) আৰু মুখ্য সচিবে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে