দিল্লীত ভয়ানক কাণ্ড, কোচিং চেণ্টাৰৰ বেচমেণ্টত জমা হোৱা পানীত ডুবি ৩ ছাত্ৰৰ মৃত্যু

দিল্লীৰ পুৰণি ৰাজেন্দ্ৰ নগৰ অঞ্চলৰ এটা কোচিং চেণ্টাৰত তিনি ছাত্ৰৰ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰচুৰ বৰষুণত জমা হোৱা পানীত আৱদ্ধ হৈ কোচিং চেণ্টাৰৰ শিক্ষাৰ্থীৰ মৃত্যু হয়। তিনিও শিক্ষাৰ্থী অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল৷ দিল্লী অগ্নি নিৰ্বাপক বিভাগে শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ৰাউৰ আইএএছ অধ্যয়ন কেন্দ্ৰৰ পানী জমা হোৱা তলঘৰৰ পৰা তিনি ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰিছে৷ জানিব পৰা মতে, ৰাউৰ আইএএছ অধ্যয়ন কেন্দ্ৰৰ বেচমেণ্ট পানীত ডুব গৈছিল। বেচমেণ্টত দ্ৰুতগতিত বান সোমোৱাত কিছু লোক আৱদ্ধ হৈ আছিল৷ তাৰে তিনি ছাত্ৰৰ মৃত্যু হয়৷

অগ্নি নিৰ্বাপক বিভাগৰ এজন বিষয়াই কয়যে ঘটনাস্থলীত পাঁচখন অগ্নি নিৰ্বাপক গাড়ী প্ৰেৰণ কৰা হয়। বেচমেণ্ট পানীত ডুবি আছিল। এন ডি আৰ এফ, স্থানীয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বিভাগ দুই ছাত্ৰী আৰু এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে। উদ্ধাৰ কাৰ্য মাজনিশা পৰ্যন্ত চলিছিল। বেচমেণ্টত পানীৰ স্তৰ ৭ ফুটত আছিল।

এই ঘটনাৰ পাছতে ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰে৷ কোচিং কৰ্তৃপক্ষৰ বিৰুদ্ধে শ্ল’গান দিয়ে। দিল্লীৰ ৰাজহ মন্ত্ৰী আতিশীয়ে মুখ্য সচিব নৰেশ কুমাৰক তদন্ত আৰম্ভ কৰি ২৪ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ছাত্ৰ-ছাত্ৰীসকলে দিল্লী চৰকাৰক মৃত্যুৰ দায়িত্ব লোৱাৰ আহ্বান জনায়৷

প্ৰাথমিক অনুসন্ধান মতে, কেইবাজনো শিক্ষাৰ্থী উপস্থিত থকাৰ সময়ত এটা পুথিভঁৰাল থকা বেচমেণ্ট পানীত প্লাবিত হয়। বিষয়াসকলে আৱদ্ধ লোকসকলক স্থানান্তৰ কৰিবলৈ ৰছী ব্যৱহাৰ কৰিছিল। এজন আৰক্ষী বিষয়াই উল্লেখ কৰিছিল যে প্ৰশিক্ষণ কেন্দ্ৰত ওপঙি থকা আচবাবে উদ্ধাৰ অভিযানত বাধা দিছিল।

  • Brahmaputra Times

    Related Posts

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    ডিজিটেল ডেস্কঃ ভাৰতৰ যদি এখন স্বৰ্গ আছে, সেই স্বৰ্গৰ আত্মাটো আছে মেঘালয়ত- মেঘালয়ৰ মাওডিয়াংডিয়াঙত মেঘালয় স্কিল এণ্ড ইনভেচন হাবৰ আধাৰশিলা স্থাপন কৰি এইদৰে কয় দেশৰ উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে। উল্লেখ কৰা…

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    ডিজিটেল ডেস্কঃ   কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ