

১৯ জানুৱাৰীৰ নিশা প্ৰথমে পল্টনবজাৰৰ এটা এপাৰ্টমেণ্টত, তাৰ পিছত বিলপাৰলৈ নি দুই বন্ধুৱে হত্যাৰ প্ৰয়াস কৰি বৰ্বৰভাৱে প্ৰহাৰৰ বলি হৈ ৫টা দিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকি ২১ জানুৱাৰীত মৃত্যুক আকোৱালি লোৱা সঞ্জীৱ নাথ হত্যাকাণ্ডক লৈ সফলতা লাভ কৰিছে পল্টনবজাৰ আৰক্ষীয়ে৷ পল্টনবজাৰ আৰক্ষীয়ে সঞ্জীৱ হত্যাকাণ্ডৰ দুই অভিযুক্ত প্ৰহ্লাদ নাথ আৰু আনন্দ দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ গোপ স্থানত লুকাই থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ প্ৰহ্লাদ নাথ আৰু আনন্দ দাসক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ জানিব পৰা মতে, মৰিগাঁৱৰ সঞ্জীৱ নাথে ১৭ জানুৱাৰীত কামৰ সন্ধানত গুৱাহাটীলৈ আহিছিল৷ দুই বন্ধু প্ৰহ্লাদ নাথ আৰু আনন্দ দাসেৰ সৈতে গুৱাহাটীলৈ লৈ আহে সঞ্জীৱ। দুই বন্ধুৰ সহায়ত উজান বজাৰস্থিত ছিকিউৰিটি এজেন্সি অমিত এজেন্সিত কামত সোমাই। কিন্তু ১৯ জানুৱাৰীৰ নিশা পল্টনবজাৰৰ এটা এপাৰ্টমেণ্টত দুই বন্ধুৰ সৈতে সঞ্জীৱৰ মনোমালিন্য হয়৷ প্ৰথমে তৰ্কা-তৰ্কি৷ তাৰ পিছতে প্ৰহ্লাদ আৰু আনন্দই সঞ্জীৱক বৰ্বৰভাৱে প্ৰহাৰ কৰে। তাৰ পিছতে সঞ্জীৱক বিলপাৰ নামৰ জনশূন্য ঠাইলৈ নিয়ে। প্ৰহ্লাদ আৰু আনন্দই আন কেবাজনো লোকক মাতি আনে৷ নিশাৰ আন্ধাৰত বাহিনীয়ে যিয়ে যেনেকৈ পাৰে হত্যাৰ প্ৰয়াস কৰি প্ৰহাৰ কৰি মৃত্যু হোৱা বুলি সঞ্জীৱক পেলাই থৈ যায়৷ কিন্তু তেতিয়ালৈ সঞ্জীৱৰ প্ৰাণ বায়ু উৰি যোৱা নাছিল৷ সঞ্জীৱৰ গাত ত’ত অহাত ঘৰলৈ ফোন লগাই ‘মোক বচাওক’ বুলি কাতৰ আহ্বান জনায়। তাৰ পিছৰে পৰা পৰিয়ালৰ সৈতে সংযোগ বিচ্ছিন্ন হয়৷ নিশাই পৰিয়ালৰ লোক গুৱাহাটীত উপস্থিত হয় যদিও পৰিয়ালে সঞ্জীৱৰ শুংসূত্ৰ নাপালে৷ দুই বন্ধুৱে ভিন্ন প্ৰকাৰে সঞ্জীৱৰ প্ৰসংগৰ পৰা আতৰি থাকে৷ পৰিয়ালে তেতিয়া সন্দেহ উপজাত ২০ জানুৱাৰীত পল্টনবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিলৰ ৫ দিনৰ মূৰকত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সঞ্জীৱক উদ্ধাৰ কৰে৷ সংকটজনক অৱস্থাত চিকিৎসা চলি আছিল যদিও কালি নিশা সঞ্জীৱ নাথৰ মৃত্যুক আঁকোৱালি লয়।