
যোৱা দুটা বছৰত বিভিন্ন মাধ্যমত প্ৰকাশিত বিজ্ঞাপনৰ বাবে অসম চৰকাৰে ব্যয় কৰিছে ২২১ কোটি টকা। এই তথ্য প্ৰদান কৰিছে ৰাজ্য চৰকাৰৰ জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই।
ক’ভিড-১৯ মহামাৰীৰ পাছত বাতৰি কাকত উদ্যোগে সন্মুখীন হোৱা আৰ্থিক সংগ্ৰামৰ কথা দোহাৰি মন্ত্ৰী হাজৰিকাই কয় যে অসম চৰকাৰে সংবাদ মাধ্যমে সমাজত লোৱা গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দি সহযোগিতাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে।
তেওঁ কয়, ‘বহু বাতৰি কাকত, বিশেষকৈ কম প্ৰচলন থকা বাতৰি কাকতসমূহে এই সময়ছোৱাত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।’’ এনে কাৰণতে সৰু প্ৰকাশনতো বিজ্ঞাপন দিয়াটো নিশ্চিত কৰি চৰকাৰে সাহায্য প্ৰদানৰ প্ৰচেষ্টা চলাইছে বুলি মন্তব্য কৰে পীযুষ হাজৰিকাই।