দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মেঘালয় ভ্ৰমণ কৰিব উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ উপাধ্যক্ষ জগদীপ ধনখৰ৷ কালি আবেলি শ্বিলং হেলিপেডত উপস্থিত হৈ জগদীপ ধনখৰে মাওডিয়াঙলৈ যাব৷ মাওডিয়াঙত ধনখৰে ৰাজ্যিক সন্মিলন কেন্দ্ৰত দক্ষতা আৰু উদ্ভাৱন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। সেই সময়ত মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে ধনখৰে মাওডিয়াঙৰ তথ্য প্ৰযুক্তি উদ্যান পৰিদৰ্শন কৰিব৷ জগদীপ ধনখৰে ৰাজ্যখনত দক্ষতা বিকাশ আৰু পৰ্যটন বৃদ্ধিৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল’ব৷ সন্ধিয়া উপ-ৰাষ্ট্ৰপতিৰ বাবে ৰাজভৱনৰ দৰবাৰ হলত এক সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে৷ ৰাজভৱনত ‘এক পেড মা কে নাম’ অভিযানৰ অধীনত গছপুলি ৰোপণ কৰিব। ভ্ৰমণৰ দ্বিতীয় দিনা কেইবাটাও পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ আৰৱাহ গুহা, নোহকলিকাই জলপ্ৰপাত, ছেভেন চিষ্টাৰ্ছ জলপ্ৰপাত, চেৰাপুঞ্জি ভ্ৰমণ কৰিব৷ উপ-ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে শ্বিলঙৰ কেইবাটাও পথত সাধাৰণ লোকৰ যাত্ৰা বাতিল কৰা হৈছে৷

  • Brahmaputra Times

    Related Posts

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    ডিজিটেল ডেস্কঃ   কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।…

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    ডিজিটেল ডেস্কঃ  অশান্ত মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে মঙলবাৰে ৰাজধানী নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ তত্বাবধানত মণিপুৰৰ মেইটেই, কুকি আৰু নগা সম্প্ৰদায়ৰ বিধায়কসকল একলগ হৈ এক বৈঠকত মিলিত হয়। ৰাজ্যখনৰ ভূমি আৰু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক