
ধিং কাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল ইছলামৰ মৃত্যু।
আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতে পুখুৰীত পৰি মৃত্যু অভিযুক্তজনক।
নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ঘটনাস্থলীলৈ নি থকাৰ সময়তে পলায়নৰ চেষ্টা চলাইছিল তফাজ্জুলে।
ইয়াৰ পিছতে পুখুৰীৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহ।
ইফালে তফাজ্জুল ইছলামৰ পৰিয়ালক এঘৰীয়া কৰিছে বৰভেটীৰ ৰাইজে।
ৰাজহুৱা কবৰস্থানত অভিযুক্তজনৰ মৃতদেহ কবৰস্থ কৰিবলৈ নিদিয়াৰ ঘোষণা ৰাইজৰ।
মূল অভিযুক্তজনৰ জানাজাতো অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত ৰাইজৰ।
উল্লেখ্য যে, এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক টিউচনৰ পৰা উভতি অহাৰ সময়ত দলবদ্ধ ধৰ্ষণ কৰিছিল তিনি পাষণ্ডই।
এতিয়াও পলাতক হৈ আছে আন দুজন অভিযুক্ত।
আৰক্ষীৰ হাতত তথ্য থকা বুলি কোৱাৰ পিছতো গ্ৰেপ্তাৰ কৰিব পৰা নাই অভিযুক্ত দুজনক।
ইফালে তফাজ্জুলৰ মৃত্যুক আৰক্ষীৰ তাৎক্ষণিক শাস্তিৰ পৰিকল্পিত ব্যৱস্থা বুলি মন্তব্য কৰিছে বিভিন্নজনে।
এই মৃত্যুৰ সপক্ষে আৰু বিপক্ষে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।