নাচ-গান নহয়, লাহোৱালৰ ছাত্ৰ-ছাত্ৰীক Ethical Hackingক লৈ প্ৰশিক্ষণ যুৱ-ছাত্ৰ পৰিষদৰ

চাইবাৰ অপৰাধীয়ে বহু মানুহক দেউলীয়া কৰিছে৷ অজ্ঞাতে চাইবাৰ অপৰাধীয়ে বেংকৰ একাউণ্টৰ পৰা ধন হৰলুকি কৰি বহু লোকক দেউলীয়া কৰিছে৷ ডিপ ফেক ফটো-ভিডিঅ’ যোগে মানুহক বদনাম কৰা হয়৷ সামাজিক মাধ্যমৰ একাউণ্ট, মেইল হেক কৰা হয়৷ ইণ্টাৰনেট, স্মাৰ্ট ফোন আৰু ডিজিটেল যুগত মানুহ যেতিয়াই-তেতিয়াই চাইবাৰ অপৰাধীৰ আক্ৰমণৰ বলি হ’ব পাৰে৷ যাৰ বাবে এতিয়াৰ প্ৰজন্মক চাইবাৰ অপৰাধ ৰোধৰ প্ৰশিক্ষণৰ প্ৰয়োজন৷ কেনেদৰে ছাত্ৰ সমাজ তথা যুৱ প্ৰজন্মই চাইবাৰ অপৰাধ ৰোধ কৰিব৷ তাকে প্ৰশিক্ষণ দিবলৈ বিশেষ ব্যৱস্থা কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত নাচ-গানৰ প্ৰশিক্ষণ দিয়াৰ পৰিৱৰ্তে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ লাহোৱাল আঞ্চলিক কমিটীয়ে ৭ দিনীয়াকৈ ‘Ethical Hacking আৰু Training’ শীৰ্ষক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে৷

গ্ৰীষ্মবন্ধ উপলক্ষে ১৬ জুলাইৰ পৰা ২২ জুলাইলৈ অনুষ্ঠিত কৰা ‘Ethical Hacking আৰু Training’ প্ৰশিক্ষণ শিবিৰৰ আজি সামৰণি পৰে৷ আজি অনুষ্ঠিত সামৰণি অনুষ্ঠানত শিবিৰত অংশ লোৱা লাহোৱাল অঞ্চলৰ প্ৰশিক্ষার্থীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে জাতীয় সংগঠনটোৱে৷ এই অনুষ্ঠানতে হাতখোলা গাঁৱৰ খেতিয়ক, অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী তথা সমাজকৰ্মী নৃপেন দত্তক ‘শ্ৰেষ্ঠ অভিভাৱক সন্মান’ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লাহোৱাল আঞ্চলিক সমিতি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় গোটে৷ এই অনুষ্ঠানত লাহোৱালস্থিত এছ কে এছ ইংলিছ একাডেমিৰ মুখ্য পৰিচালন সঞ্চালক ড০ দয়ানন্দ শ্বাহ মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে এই প্ৰশিক্ষণৰ যোগেদি শিক্ষাৰ্থীক হেকিঙৰ বিভিন্ন দিশত জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিছে৷ নিৰ্দিষ্ট দক্ষতা সামৰি অনাগত দিনত সমাজখনক চাইবাৰ সুৰক্ষা সম্পৰ্কে শিক্ষাৰ্থীসকলে সজাগ কৰিব পাৰিব বুলি আমি আশাবাদী৷

লাহোৱাল প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ৭ দিনীয়াকৈ অনুষ্ঠিত গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰত লাহোৱাল অঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত নিষ্ঠা আৰু সক্ৰিয় অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীক ভূয়সী প্ৰশংসা কৰিছে যুৱ-ছাত্ৰ পৰিষদে। এই প্ৰশিক্ষণ শিবিৰত অংশ লৈ হেকিঙৰ বিভিন্ন দিশত জ্ঞান আৰু দক্ষতা বৃদ্ধি পোৱা ছাত্ৰ-ছাত্ৰীয়ে সমাজখনক চাইবাৰ সুৰক্ষা সম্পৰ্কে সজাগ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লাহোৱাল আঞ্চলিক সমিতিয়ে৷

  • Brahmaputra Times

    Related Posts

    আজি মহাঅষ্টমীঃ কোকৰাঝাৰত দেৱী দৰ্শন মুখ্যমন্ত্ৰীৰ…

    ডিজিটেল ডেস্কঃ আজি মহাঅষ্টমী। সেই উপলক্ষে কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০…

    ওমৰ আব্দুল্লা বিধায়িনী দলৰ নেতা নিৰ্বাচিত

    ১০ বছৰৰ মূৰকত জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ গঠন হ’ব৷ ৮ অক্টোবৰত ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ ধাৰা ৩৭০ আতৰোৱাৰ পাছৰে পৰা ১০ বছৰে ৰাজ্যপালে চলাই আছিল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক