‘নিউক্লিয়াৰ ব্লেকমেইল’ সহ্য কৰা নহ’ব, ‘অপাৰেচন সিন্দূৰ’ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে লোৱা নীতিঃ মোদী

পেহেলগাম কাণ্ড আৰু যুদ্ধবিৰতিৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ৮ বজাত দেশবাসীক সম্বোধন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক সকীয়নি প্ৰদান কৰে৷ নৰেন্দ্ৰ মোদীয়ে কয় যে তেজ আৰু পানী একেলগে বৈ নাযায়৷ সন্ত্ৰাসবাদ আৰু আলোচনা একেলগে নচলিব, আলোচনা কেৱল পাক অধিকৃত কাশ্মীৰক লৈহে হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অপাৰেচন সিন্দূৰ যোগে সীমান্ত পাৰ হৈ অহা সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতে প্ৰহাৰ কৰিছে৷ ৭ মে’ৰ আক্ৰমণত ভাৰতীয় সেনাই ১০০ৰো অধিক সন্ত্রাসবাদীক হত্যা কৰিছে। ‘নিউক্লিয়াৰ ব্লেকমেইল’ কৰিছে, সেয়া সহ্য কৰা নহ’ব। স্পষ্টভাৱে আঘাত কৰা হ’ব। ভাৰত সন্ত্রাসবাদৰ প্ৰত্যুত্তৰ দিব নিজৰ পথত। মোদীয়ে এই কথাও স্পষ্ট কৰি দিয়ে যে পাকিস্তান চৰকাৰে পৃষ্ঠপোষকতা কৰা সন্ত্রাসবাদ আৰু সন্ত্রাসবাদী সংগঠনৰ মাজত কোনো প্ৰাৰ্থক্য কৰা নহ’ব। অপাৰেচন সিন্দূৰ সময়ত বিশ্বই পাকিস্তানৰ কুৰুপ বাস্তৱ দেখিলে৷ যেতিয়া পাকিস্তানৰ শীৰ্ষ সেনা বিষয়াসকলে খোলাখুলিভাৱে সন্ত্রাসবাদীৰ সৈতে একতা প্ৰকাশ কৰিছিল। ই ৰাজ্য পৃষ্ঠপোষক সন্ত্রাসবাদৰ আটাইতকৈ শক্তিশালী প্ৰমাণ। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত পাকিস্তানৰ সৈতে কেৱল দুটা বিষয়তহে আলোচনা কৰিব- সন্ত্রাসবাদ আৰু পাকিস্তান অধিকৃত কাশ্মীৰ। তেওঁ পুনৰ কয় যে সন্ত্রাস আৰু আলোচনা একেলগে নচলিব। সন্ত্রাস আৰু ব্যৱসায় একেলগে নহ’ব, পানী আৰু তেজ একেলগে বৈ নাযায়। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে ভাৰত এতিয়ালৈকে কেৱল পাকিস্তানৰ সন্ত্রাসবাদী আৰু সেনা-কাঠামোত প্ৰতিশোধ লোৱা কাৰ্য সাময়িকভাৱে স্থগিত ৰাখিছে। পাকিস্তানে আগন্তুক দিনত যি যি পদক্ষেপ ল’ব, আমি সমূলি লক্ষ্য ৰাখিম। শনিবাৰে, ভাৰত আৰু পাকিস্তানে চাৰি দিন ধৰি চলা সামৰিক উত্তেজনা সাময়িকভাৱে শেষ কৰিবলৈ এক সিদ্ধান্তত উপনীত হয়। দুয়ো দেশৰ মিলিটাৰী অপাৰেশ্যনচৰ ডাইৰেক্টৰ জেনেৰেলে সোমবাৰে আলোচনা কৰাৰ কথা আছিল। এই উত্তেজনাৰ আৰম্ভণি হৈছিল ৭ মে’ত, যেতিয়া ভাৰতীয় সেনাই অপাৰেচন সিন্দূৰৰ অধীনত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদী শিৱিৰসমূহত আক্ৰমণ চলায়। এই আক্ৰমণ হৈছিল ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণ, য’ত ২৬ গৰাকী নিহত হৈছিল। পাকিস্তান সেনাই তাৰ প্ৰতিক্ৰিয়াত কাশ্মীৰ সীমান্তৰ সৈতে লাগি থকা ভাৰতীয় গাঁওসমূহত একাধিক গুলীবৰ্ষণ (শেলিং) কৰিছিল।

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ