
দৈনিক বাতৰি কাকতৰ উপ-সম্পাদক ৰঞ্জিত বৰাৰ আকস্মিক মৃত্যুত শোকৰ ছাঁ পৰিছে৷ নিজ কাৰ্যালয়তে সুকলমে দায়িত্ব সম্পন্ন কৰি থকাৰ সময়তে হঠাতে অসুস্থ হৈ পৰাত সহকৰ্মীসকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছিল যদিও নিশা ৰঞ্জিত বৰাই মৃত্যুক আকোৱালি লয়৷ নিয়মীয়া বাৰ্তা কাকতৰ উপ-সম্পাদক হিচাপে কাম কৰি আছিল প্ৰয়াত বৰাই৷ বিবাহিত আছিল যদিও সতি-সন্তান নাছিল৷ মৃত্যুৰ সময়ত পত্নী, ভাতৃ, মাতৃক ইহসংসাৰত এৰি থৈ যায়৷ নামনি অসমৰ বিজনীৰ বাসিন্দা আছিল বৰা৷ অসমীয়া প্ৰতিদিন কাকতত বঙাইগাঁৱৰ সংবাদদাতা হিচাপে কাম কৰিছিল। পিছলৈ গুৱাহাটীলৈ আহি কেইবাটাও সংবাদ প্ৰতিষ্ঠানত দায়িত্ব সহকাৰে নিজ কাৰ্য সম্পাদন কৰিছিল৷ পৰৱৰ্তী সময়ত নিয়মীয়া বাৰ্তা কাকতৰ সৈতে জড়িত হৈ উপ-সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰি আছিল। জানিব পৰা মতে, দীৰ্ঘদিনে শাৰীৰিক অসুস্থতাত ভূগি আছিল৷ তাৰ মাজতে কাৰ্যালয়লৈ গৈ কামো কৰিছিল৷