

এডিআৰই পৰীক্ষাক লৈ নতুন এছঅ’পি প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে৷ শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ সময়ত চলোৱা তালাচী আৰু কাকত ফাদিলক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এছঅ’পি অনাৰ কথা উল্লেখ কৰিছিল৷ মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি অনাগত দিনত অনুষ্ঠিত হ’বলগীয়া এডিআৰই পৰীক্ষা অত্যাধিক ব্যৱস্থাপনাৰ মাজেৰে অনুষ্ঠিত হ’ব৷ নিযুক্তি পৰীক্ষাত বহিব লগীয়া পৰীক্ষাৰ্থীৰ বাবে জাৰি কৰা নিৰ্দেশনা অনুসৰি পৰীক্ষাৰ্থীসকলে নিব লাগিব নিজৰ পৰিচয় পত্ৰ আৰু নিজৰ নিজৰ এডমিট কাৰ্ড। পৰীক্ষাৰ্থীয়ে নিব পাৰিব নীলা বা ক’লা ৰঙৰ বল পেন, পেঞ্চিল, স্কেল আৰু ৰবৰ। পৰীক্ষা আৰম্ভ হোৱাৰ ডেৰ ঘণ্টাৰ পূৰ্বে পৰীক্ষাৰ্থী পৰীক্ষাকেন্দ্ৰত হাজিৰ হ’ব লাগিব। পৰীক্ষাত হাত দীঘল চাৰ্টৰ পৰিৱৰ্তে হাফ চাৰ্ট আৰু মহিলা পৰীক্ষাৰ্থীক শ্লিপাৰ পৰিধান কৰাৰ আহ্বান জনাইছে এছঅ’পি যোগে। ইয়াৰ পূৰ্বৰ এডিআৰই পৰীক্ষাত অ’এমআৰ লগত নিবলৈ নিদিয়াত ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ যাৰ ফলত আজি প্ৰকাশিত এছঅ’পি যোগে পৰীক্ষা শেষ হোৱাৰ পিছত পৰীক্ষাৰ্থীয়ে নিজৰ প্ৰশ্নকাকত লগত লৈ যাব বুলি নিৰ্দেশ দিছে। পৰীক্ষা শেষ হোৱাৰ পিছত অতিৰিক্ত ৫ মিনিট হল’ত বাধ্যতামূলকভাবে থাকিব লাগিব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ পৰীক্ষাতো একেই নিয়ম বান্ধি দিয়া হৈছে৷