

ডিজিটেল ডেস্কঃ মাতৃৰ সৈতে মন্দিৰৰ বাহিৰত শুই থকা এটি ৩ বছৰীয়া কণমানিক চকলেটৰ প্ৰলোভন দি ধৰ্ষণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজস্থানৰ যোধপুৰত। এই পাশৱিক ঘটনা পোহৰলৈ অহাৰ পিছতে ধৰ্ষণকাৰীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে সকলোৱে। প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটেও এই ঘটনাক লৈ শোক প্ৰকাশ কৰি অপৰাধীক কঠোৰতম শাস্তি বিহিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে।
জানিব পৰা মতে, জাৱৰ সংগ্ৰহ কৰি জীৱিকা অৰ্জন কৰা অঘৰী এগৰাকী মহিলাই নিশা তেওঁৰ তিনি বছৰীয়া কন্যাৰ সৈতে যোধপুৰৰ এটা মন্দিৰৰ বাহিৰত শুই আছিল। সেই সময়তে লম্পটে চকলেটৰ প্ৰলোভন দি শিশুটিক ফুচুলাই লৈ যায় আৰু নিৰ্মমভাৱে নিজৰ কামনা চৰিতাৰ্থ কৰে।
ইফালে পুৱা প্ৰায় ৬.৩০ বজাত এগৰাকী মহিলাই মন্দিৰৰ পাৰ অলপ দূৰত শিশুটিক অচেতন অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কন্যা শিশুটিক উদ্ধাৰ কৰে। শিশুটিৰ ওঠত কামোৰাৰ চিন থকাৰ লগতে শৰীৰৰ পৰা তেজ ওলাই আছিল। ইয়াৰ পিছতে আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ স্কেন কৰি এজন ব্যক্তিয়ে শিশুটিক কোলাত তুলি নিয়া প্ৰত্যক্ষ কৰে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে।