ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব আইনৰ ধাৰা ১৯৫৫ৰ ৬ক বৈধ ঘোষণা কৰি ৰায় দিয়াত আদৰ জনাইছে চিপিআইএমে৷ চিপিআইএমৰ অসম ৰাজ্যিক সমিতিয়ে আদৰণি জনাইছে।
এক বিবৃতিত বামপন্থী সংগঠনটোৱে কয় যে অসম চুক্তিত ১৯৭১ চনৰ ২৫ মাৰ্চক অবৈধ বিদেশী চিনাক্তকৰণৰ সময়সীমা হিচাপে যে নিৰ্ধাৰণ কৰা হৈছে তাক আইনী ৰূপ দিবলৈ দেশৰ সংসদে ১৯৮৫ চনৰ ডিচেম্বৰত নাগৰিকত্ব আইন ১৯৫৫ত ৬ক ধাৰা সংযুক্ত কৰিছিল। এই ধাৰা অসাংবিধানিক বুলি ঘোষণা কৰাৰ আৱেদন জনাই কিছুমান সংগঠনে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল। গোচৰটোৰ অসমৰ সমাজ জীৱনত পৰিব পৰা সম্ভাব্য প্ৰভাৱ সম্পৰ্কে লক্ষ্য ৰাখি চিপিআইএমৰ অসম ৰাজ্যিক সমিতিয়ে পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ত হস্তক্ষেপ আৱেদন কৰিছিল৷ ১৯৭১চনৰ সময়সীমাৰ যুক্তিযুক্ততা লিখিত বক্তব্যৰ জৰিয়তে দাঙি ধৰিছিল। উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে সকলো দিশ বিবেচনা কৰি আজি যি ৰায় প্ৰদান কৰিছে তাক সুচিন্তিত আৰু বাস্তৱসন্মত বুলি চিপিআইএমৰ অসম ৰাজ্যিক সমিতিয়ে অভিমত প্ৰকাশ কৰিছে। ১৯৭১ চনৰ সময়সীমা সংবিধান সন্মত বুলি ঘোষণা কৰাৰ পাছত অকণো পলম নকৰাকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা সূচিত কৰাৰ জৰিয়তে এনআৰচি চূড়ান্তকৰণৰ প্ৰক্ৰিয়া খৰতকীয়া কৰা উচিত। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পৰিপ্ৰেক্ষিতত অসমত ‘কা’ ৰ প্ৰয়োগ ততালিকে বন্ধ কৰা উচিত বুলি কয় চিপিআইএমে৷

  • Brahmaputra Times

    Related Posts

    দ্বিতীয়বাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নয়াব সিং ছৈনীয়ে

    বিজেপিৰ নয়াব সিং ছৈনীয়ে বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে । ছাইনীৰ লগত আৰু ১৩ জন মন্ত্ৰীয়ে শপতগ্ৰহণ কৰে । পঞ্চকুলাৰ দশহৰা খেলপথাৰত অনুষ্ঠিত এই শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী…

    ১০ অক্টোবৰত অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে…

    ডিজিটেল ডেস্কঃ অহা ১০ নৱেম্বৰত অন্ত পৰিব দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ কাৰ্যকাল। ইয়াৰ লগে লগে চৰ্চালৈ আহিছে পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ প্ৰসংগ। বিভিন্নজনৰ মনত প্ৰশ্ন উদয় হৈছে কোন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দ্বিতীয়বাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নয়াব সিং ছৈনীয়ে

    দ্বিতীয়বাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নয়াব সিং ছৈনীয়ে

    ১০ অক্টোবৰত অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে…

    ১০ অক্টোবৰত অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে…

    সৰ্বানন্দ সোণোৱালসহ দেশৰ ৯ গৰাকীকৈ জ্যেষ্ঠ নেতাৰ পৰা আতৰিব এন এছ জিৰ নিৰাপত্তা

    সৰ্বানন্দ সোণোৱালসহ দেশৰ ৯ গৰাকীকৈ জ্যেষ্ঠ নেতাৰ পৰা আতৰিব এন এছ জিৰ নিৰাপত্তা

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?