নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ কাকত ফাদিল, কংগ্ৰেছৰ প্ৰতিবাদ

ৰাজ্যত কাহানিও নোহোৱা-নোপোজা কাণ্ড সংঘটিত হৈছে৷ এইবাৰ বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ দৰে লজ্জাজনক কাণ্ড সংঘটিত হৈছে এইখন অসমত৷ নামনি অসমৰ বৰপেটা জিলাত নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাত পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হয় প্ৰশাসন৷ স্কুলৰ বছৰেকীয়া পৰীক্ষাৰো এতিয়া প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত৷ বছৰেকীয়া পৰীক্ষাৰ ইংৰাজী বিষয়ৰ প্ৰশ্ন ভাইৰেল হৈ পৰাৰ পিছতেই পৰীক্ষা বাতিলৰ নিৰ্দেশ দিয়ে প্ৰশাসনে। জানিব পৰা মতে, আজি আছিল নৱম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ পৰীক্ষা৷ বৰপেটা জিলা পৰীক্ষা বৰ্ডৰ অধীনত অনুষ্ঠিত ইংৰাজী পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰী সাজু হোৱাৰ সময়তে নিশাই পৰীক্ষাত বাতিল ঘোষণা কৰাত ছাত্ৰ-ছাত্ৰী চিন্তাত পৰে৷ সমানে উদ্বেগ প্ৰকাশ কৰে অভিভাৱকে৷ অভিযোগ মতে, নিশা ইংৰাজী পৰীক্ষাৰ প্ৰশ্ন কাকত ভাইৰেল হোৱা বুলি জিলা পৰীক্ষা বৰ্ডে অৱগত হৈছিল৷ ইয়াৰ পিছতেই পৰীক্ষা বাতিলৰ সিদ্ধান্ত লয় কৰ্তৃপক্ষই৷ নিশাই বিদ্যালয়সমূহৰ পৰিদৰ্শকে এখন জাননী যোগে নৱম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ পৰীক্ষা বাতিলৰ নিৰ্দেশ দিয়ে৷ বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল ঘটনা সন্দৰ্ভত বৰপেটা আৰক্ষী থানাত পৰীক্ষা বৰ্ডে এজাহাৰ দাখিল কৰিছে৷ প্ৰশ্নকাকত বাতিলৰ ঘটনাক তীব্ৰ গৰিহণা দিছে বৰপেটা জিলা কংগ্ৰেছে৷ কংগ্ৰেছে বৰপেটা টাউনত প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ কৰে৷ নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ ইংৰাজী পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰ বিৰুদ্ধে বৰপেটা জিলা কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ৰাজ্য চৰকাৰ বিয়াগোম শিক্ষা বিভাগ আৰু প্ৰশাসনে ব্যৱস্থাটোৱে এটা পৰীক্ষা সুস্থিৰতাৰে অনুষ্ঠিত কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে৷

  • Related Posts

    ইছলামিক ৰাষ্ট্ৰত নামাজ পঢ়াৰ প্ৰশিক্ষণ লৈছে গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰী

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে পুনৰ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ আজি আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নাম নোলোৱাকৈ অসমৰ এজন সাংসদ বুলি…

    জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ, নিহত ২৫ পৰ্যটক

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ বাইছাৰন উপত্যকাত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৫ জন পৰ্যটক নিহত হৈছে আৰু বহুজন আহত হৈছে। এই ঘটনাই অমৰনাথ যাত্ৰাৰ আগমুহূৰ্তত উপত্যকাত আতংকৰ সৃষ্টি কৰিছে। আক্ৰমণটোৰ সময়ত পৰ্যটকসকলে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…