
মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত শুৱালকুছি মহাত্মা গান্ধী ৩০ খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত নিশা এটি সদ্যোজাত কেঁচুৱাৰ মৃত্যুত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শুৱালকুছি আৰক্ষী দল চিকিৎসালয়খনত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত হালোগাঁৱৰ সঞ্জীৱ শালৈৰ পত্নীয়ে শুৱালকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সোমবাৰে সন্ধিয়া এটি সন্তান প্ৰসৱ কৰিছিল। সোমবাৰে জন্ম পোৱা কেঁচুৱাটো মঙলবাৰৰ দুপৰীয়া পৰ্যন্ত সুস্থ অৱস্থাতে আছিল৷ কিন্তু দুপৰীয়া চিকিৎসালয়খনত কৰ্মৰত নাৰ্চে বেজী দিয়াৰ পিছৰে পৰা অচেতন হোৱাৰ লগতে দেহৰ বৰণ কলা পৰে। শেষত সুস্থ অৱস্থাত থকা কেঁচুৱাটোৰ মঙলবাৰে সন্ধিয়া অনাকাংক্ষিত ভাৱে মৃত্যু হয়৷ চিকিৎসালয় তথা নাৰ্চৰ গাফিলতিৰ বাবেই সুস্থ কেঁচুৱাটোৰ মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ আনে পৰিয়ালে৷ চিকিৎসালয়খনত থকা শিশুৰোগ বিশেষজ্ঞ চিকিৎসকে এবাৰলৈ চিকিৎসা কৰা নাছিল কেঁচুৱাটোক৷ যাৰ পৰিণতিত প্ৰসৱৰ ২৪ ঘণ্টা নৌহওঁতেই চৰকাৰী চিকিৎসালয়ত কেঁচুৱাটোৰ মৃত্যুৰ ভুক্তভোগী অভিযোগ আনে পৰিয়ালে৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ এইখন শুৱালকুছি প্ৰাথমিক চিকিৎসালয়ত পূৰ্বেও ভুল চিকিৎসাত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ আছে৷ ১০ মাহ গৰ্ভত সযতনে সন্তান ৰখা মাতৃয়ে ভুল চিকিৎসাত সন্তানৰ মৃত্যু কোনোপধ্যেই সহজ ভাবে ল’ব পৰা নাই পিতৃ-মাতৃয়ে৷ ভুক্তভোগী পৰিয়ালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা তথা কামৰূপ জিলা প্ৰশাসনক উচিত তদন্ত কৰি দোষী শাস্তিৰ দাবী জনাইছে পৰিয়ালটোৱে। আনহাতে শুৱালকুছি আৰক্ষীয়ে কেঁচুৱাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷