পামছাৰ ‘অসম’, শেষ সময়লৈ কংগ্ৰেছৰ মুখলৈ চাই থাকিল লুৰীণ-অখিল

আজি পুৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসম সন্মিলিত মৰ্চা চমুকৈ ‘অসম’ৰ সভাপতি পদৰ পৰা পদত্যাগৰ পাছতে বিৰোধী মিত্ৰজোঁটৰ চকা খুলি পৰিল৷ গৌৰৱ গগৈ, লুৰীজ্যোতি গগৈ, অখিল গগৈ আৰু ভূপেন বৰাৰ মিত্ৰজোঁট ‘অসম’ৰ চকা খুলি পৰিল৷ ভূপেন বৰাই পদত্যাগৰ পাছতে একপ্ৰকাৰ বিৰোধী মিত্ৰজোঁট ‘অসম’ ভংগ হ’ল৷ ৫টা বিধানসভাৰ উপ-নিৰ্বাচনতে মিত্ৰজোঁটৰ দলসমূহৰ এনে অৱস্থা৷ আৰু ২৬ৰ বিধানসভা নিৰ্বাচনত ১২৬টা সমষ্টিক লৈ কেনেধৰণৰ অৱস্থা হ’ব সেই কথা অনুমানৰ বাহিৰত বুলি চৰ্চা হ’ব ধৰিছে৷ অসম ভংগ হোৱাৰ দিশত আগ্ৰসৰ হোৱাৰ দাবী কংগ্ৰেছলৈ আঙুলি টোৱাইছে অন্য বিৰোধী দলসমূহে৷ বিৰোধী দলসমূহে বিহালী সমষ্টিটো চিপিআইএমএলক এৰি দিবলৈ সিদ্দান্ত লৈছিল৷ কিন্তু কংগ্ৰেছে এৰি দিবলৈ মান্তি নোহোৱাত আহুকলাৰ সৃষ্টি হোৱাৰ ফলত মিত্ৰতাত ভাঙোন আহে৷ কংগ্ৰেছে সদ্য বিজেপি ত্যাগী জয়ন্ত বৰাক টিকট দিবলৈ তলে তলে যো-জা চলোৱাৰ অভিযোগ উঠিছে৷ জয়ন্ত বৰা মোহত অন্ধ হৈ পৰাৰ ফলতে কংগ্ৰেছৰ নেতৃত্বাধীন মিত্ৰতা অসম ধ্বংস হোৱাৰ দিশে৷ কংগ্ৰেছৰ এটা সূত্ৰই দাবী কৰা মতে, বিহালী সমষ্টিত কংগ্ৰেছৰ টিকট লাভ কৰাটো প্ৰায় এশ শতাংশই নিশ্চিত৷ ইতিমধ্যে কংগ্ৰেছৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নথি-পত্ৰ সাজু কৰিছে জয়ন্ত বৰাই৷ ১৮ অক্টোবৰত বিজেপিৰ পৰা পদত্যাগ কৰি গুৱাহাটীত বাহৰ পাতি থকা জয়ন্ত বৰাই অৱশেষত অভিযান সফল কৰি কংগ্ৰেছৰ টিকট লাভ কৰাটো নিশ্চিত৷ অসমৰ কেইগৰাকীমান কংগ্ৰেছৰ নেতা আৰু অসমত সক্ৰিয় দিল্লীৰ এটা লবীয়ে বৃহৎ ধনৰ লেন-দেন কৰি জয়ন্ত বৰাক টিকটৰ ব্যৱস্থা কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ যাৰ বাবে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসম সন্মিলিত মৰ্চাৰ সভাপতি ত্যাগ কৰাৰ নাটক কৰিছে বুলিও চৰ্চা চলিছে৷ এটা সূত্ৰই দাবী কৰা মতে, গৌৰৱ গগৈয়ে বিহালী সমষ্টি এৰি দিয়াৰ পক্ষপাতি নাছিল৷ আনহাতে ভূপেন বৰাৰ ঘনিষ্ঠ কেইজনমানে টকাৰ বিনিময়ত জয়ন্ত বৰাক টিকট দিবলৈ উঠিপৰি লাগিছে বুলি কংগ্ৰেছৰ এটা পক্ষই ক’ব খোজে৷ ফলত মিত্ৰতা ধৰ্ম পাহৰি কংগ্ৰেছৰ দুই গোটে অৱশেষত বিৰোধী সদস্য চিপিআইএমএলক বিহালী সমষ্টি এৰি নিদিলে৷ কংগ্ৰেছে এনেদৰে মিত্ৰতাৰ ধৰ্ম পালন নকৰাত সৰৱ হৈছে অসম সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ৷ লুৰীণজ্যোতি গগৈয়ে স্পষ্টকৈ কয় যে কংগ্ৰেছে জনা দৰকাৰ যে এক পাৰ্চেণ্ট, ডেৰ পাৰ্চেণ্ট, দুই পাৰ্চেণ্ট, তিনি পাৰ্চেণ্ট, চাৰি পাৰ্চেণ্ট ভোটে মেটাৰ কৰে৷ আজি হাৰিয়ানাত আপে ১.৭৯ শতাংশ ভোট লৈ যোৱাৰ বাবে এনে অৱস্থা হ’ল৷ টকা-পইছা, অহংকাৰ, লবী এইবোৰত যাতে অসমৰ ৰাইজক পণবন্দী নকৰে যেন৷ যদি ২৬ত বিজেপিক পৰাভূত কৰিব খোজে আমি আমাৰ স্থিতি স্পষ্ট কৰি দিছো, কংগ্ৰেছে স্থিতি স্পষ্ট কৰক৷ অন্যথাই কথাবোৰ যুক্তিৰে বিবেচনা কৰা হ’ব৷ ইগ, আবেগ, অহংকাৰক যাতে প্ৰশ্ৰয় নিদিয়ে৷ আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি অসম জাতীয় পৰিষদৰ সভাপতি তথা অসম সন্মিলিত মৰ্চা চমুকৈ ‘অসম’ৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ গগৈয়ে কয় যে অসম সন্মিলিত মৰ্চাৰ বৈঠকৰ সিদ্ধান্ত মৰ্মে গঠিত ৫ জনীয়া সমিতিয়ে বিহালী সমষ্টি চিপিআইএমএলক প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল৷ সমিতি গঠনৰ দিনা জীতেন্দ্ৰ সিং খোদ উপস্থিত আছিল৷ সমিতিয়ে যাৰ নাম কয় তাকেই দিম বুলি জীতেন্দ্ৰ সিঙে কথা দিছিল৷ আমি সকলো দিশ চাইছো৷ জনগাঁথনি, সম্ভাৱনা চাইছো৷ চাই চিটি, ২০২৬ চন যিহেতু আমাৰ মূল লক্ষ্য সেয়েহে আমি ঐক্যবদ্ধতাৰে যুঁজাৰ লক্ষ্যৰে আসনখন চিপিআইএমএলক এৰি দিবলৈ কৈছিলো৷ তেওঁলোকে প্ৰাৰ্থী পচন্দ হোৱা নাই বুলি কৈ দ্বিতীয় প্ৰতিবেদন দিবলৈ কৈছে৷ তেতিয়া দ্বিতীয় প্ৰতিবেদন দিয়া হৈছে৷ আগৰ স্থিতিতে আমি অটল আছো৷ কংগ্ৰেছৰ পৰা উত্তৰ নাহিল৷ পিছত কালি আমি পুনৰ বৈঠকত বহিবলৈ বাধ্য হ’লো৷ মানুহে ভাবিব যে দল এটাক লৈ আমি লাগি থাকিবলগীয়া হৈছে৷ আমি লাগি থকা নাই৷ আমি চাইছো অসমৰ মানুহৰ ভৱিষ্যত৷ আমাৰো স্বাভিমান আছে৷ কংগ্ৰেছে জনা দৰকাৰ যে এক পাৰ্চেণ্ট, ডেৰ পাৰ্চেণ্ট, দুই পাৰ্চেণ্ট, তিনি পাৰ্চেণ্ট, চাৰি পাৰ্চেণ্ট ভোটে মেটাৰ কৰে৷ আজি হাৰিয়ানাত আপে ১.৭৯ শতাংশ ভোট লৈ যোৱাৰ বাবে এনে অৱস্থা হ’ল৷ লগতে ধৈৰ্য্যৰ পৰীক্ষা নলবলৈ সকীয়নি দি কংগ্ৰেছক পুনৰ আক্ৰমণ কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে আমি মানুহৰ স্বাৰ্থত, জনগণৰ স্বাৰ্থত ঐক্যবদ্ধ হৈ থাকিবলৈ এতিয়াও প্ৰাৰ্থীৰ কথা ঘোষণা কৰা নাই৷ এতিয়াও সময় আছে৷ যদি ঐক্যবদ্ধতাৰে ২০২৬ত বিজেপিক পৰাভূত কৰিব খোজে তেন্তে আমি কোৱা কথা যুক্তিৰে বিবেচনা কৰক৷ ৰজাঘৰৰ পৰা পেলোৱা জালত যাতে কোনেও ভৰি নিদিয়ে৷ সেই জালত ভৰি দি টকা-পইছা, অহংকাৰ, লবী, ইত্যাদিৰে যাতে অসমৰ জনগণক পণবন্দী কৰা নহয় তাৰ বাবে কংগ্ৰেছক সকীয়াই দিয়ে লুৰীণজ্যোতি গগৈয়ে।

  • Brahmaputra Times

    Related Posts

    নিৰ্বাচন আয়োগৰ কিবা কাম আছে নে, নে মুখ্যমন্ত্ৰী নিজেই নিৰ্বাচন আয়োগ: মীৰা বৰঠাকুৰ

    “মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন বিধি উলংঘা কৰা নাইনে ? নিৰ্বাচন আয়োগৰ কিবা কাম আছে নে ? নে মুখ্যমন্ত্ৰী নিজেই নিৰ্বাচন আয়োগ ?” – এই প্ৰশ্ন প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ…

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা সাংসদ পাপ্পু যাদৱৰ। ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ চলাবলৈ আজি ঝাৰখণ্ড ভ্ৰমণলৈ অহা সাংসদ পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা-সৰকা কৰে ৷ অৱশ্যে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সন্ত্ৰাসমুক্ত ভাৰত গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰঃ অমিত শ্বাহ

    সন্ত্ৰাসমুক্ত ভাৰত গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰঃ অমিত শ্বাহ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু