
ধিঙৰ সন্দেহজনক ধৰ্ষণক কাণ্ডক লৈ আজিও চাঞ্চল্য অব্যাহত আছে৷ এগৰাকী দশমমান শ্ৰেণীত অধ্যয়নৰত কিশোৰীক তিনি সন্দেহজনক যুৱকে শাৰীৰিক শোষণ কৰি পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপনৰ পাছতে ৰাজ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ ২৩ আগষ্টৰ পুৱা মুখ্য অভিযুক্ত তফাজ্জুল ইছলামক গ্ৰেপ্তাৰ কৰা হয়৷ কিন্তু ২৪ আগষ্টৰ নিশা তফাজ্জুল ইছলামে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ প্ৰায় কৰি মানুহৰ ঘৰৰ সৈতে থকা পুখুৰীত জাঁপ দিয়াত নিহত হয়৷ তাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ আৰক্ষীৰ জিম্মাত তফাজ্জুল ইছলাম নিহত একাংশ লোকে উল্লাস প্ৰকাশ কৰাৰ লগতে আন একাংশ লোকে আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যু হোৱা কাণ্ডৰ বিৰোধ কৰিছিল৷ আৰক্ষীৰ জিম্মাত তফাজ্জুল ইছলামৰ নিহত হোৱাৰ ঘটনাই নতুন মোৰ লৈছে৷ অভিযুক্ত তফাজ্জুল ইছলামৰ বিপৰীতে আন এজন যুৱক নিহত হোৱাৰ দাবী কৰি এটা পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰ্জি দাখিল কৰিছে৷ পৰিয়ালটোৱে আৰক্ষীৰ জিম্মাত নিহত হোৱাজন অভিযুক্ত নাছিল বুলি দাবি কৰাত পুনৰ বিতৰ্কত সোমাই পৰিছে অসম আৰক্ষী। পৰিয়ালৰ লোকে আদালতৰ দ্বাৰস্থ হোৱাত সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়৷ শুনানিৰ অন্তত আদালতে ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ পৰা ঘটনাৰ তথ্যসহ শপতনামা দাখিল কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে৷ ৪ সপ্তাহৰ ভিতৰত তথ্য-পাতিসহ শপতনামা দাখিল কৰিবলৈ গৃহ বিভাগ তথা চৰকাৰক কঠোৰ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে৷
পৰৱৰ্তী শুনানিৰ দিন ৪ নৱেম্বৰৰ ভিতৰত গৃহ বিভাগে জৰুৰীভাবে শপতনামা দাখিল কৰিবলৈ সময়সীমা বান্ধি দিছে আদালতে। মুখ্য সচিব, গৃহ বিভাগৰ প্ৰধান সচিব, আৰক্ষী সঞ্চালক প্রধান, নগাঁৱৰ আৰক্ষী অধীক্ষক, জিলা আয়ুক্ত, ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক পদকীয়া কৰা হৈছে। আদালতে সকলো পদকীয়াকো উত্তৰ দিয়াৰ জাননী জাৰি কৰিছে। ন্যায়াধীশ মানস ৰঞ্জন পাঠক আৰু সৌমিত্ৰ শইকীয়াৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিছে৷ নিহত তফাজ্জুল ইছলামৰ পিতৃ আব্দুল আৱালে দাবী কৰা মতে, পুত্ৰক অত্যাচাৰ কৰি হত্যা কৰা হৈছে৷ যিজন তফাজ্জুল ইছলাম নিহত হৈছে তেওঁ ধৰ্ষণ কাণ্ডৰ অভিযুক্তই নাছিল৷ সেইজন তফাজ্জুল ইছলাম অন্য এজনহে আছিল৷ উল্লেখ্য যে, নগাঁও জিলাৰ ধিং ধৰ্ষণ কাণ্ডৰ জড়িত থকাৰ অভিযোগত ২৩ আগষ্টৰ পুৱাই ধিং আৰক্ষীয়ে বৰভেটী গাঁৱৰ ঘৰৰ পৰা তফাজ্জুলক গ্ৰেপ্তাৰ কৰিছিল। নিশা অপৰাধ সংঘটিত হোৱা স্থান দেখুৱাবলৈ নি থকা অৱস্থাত তফাজ্জুলে হাত কেৰেয়া লগাই থোৱা অৱস্থাত পলায়নৰ প্ৰয়াস কৰি পখুৰীত জাঁপ দিয়ে৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ প্ৰয়াস কৰি তফাজ্জুল পুখুৰীত পৰাত মৃত্যু হোৱা আৰক্ষীয়ে দাবী কৰিছিল৷ অধিবক্তা জুনাইদ খালিদে তফাজ্জুল ইছলামৰ পিতৃ আব্দুল আৱালৰ উধৃতি দি কয় যে পৰিচয় বিভ্রান্তিৰ ফলত তফাজ্জুলক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ অত্যাচাৰত মৃত্যু হয়৷ তফাজ্জুলে পলায়নৰ চেষ্টা কৰি পুখুৰীত জাঁপ দিয়াৰ কাহিনী তৈয়াৰ কৰাৰ সন্দেহ কৰা হয়৷ তফাজ্জুলৰ গ্রেপ্তাৰৰ নথি, মৃত্যুৰ কাৰণ, মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট, মৃত্যুৰ প্ৰমাণপত্ৰ নিদিয়া বুলিও কয় অধিবক্তা জুনাইদ খালিদে৷ আনহাতে উল্লেখ কৰিব পাৰি যে ইতিমধ্যে ৰাজ্যৰ ৮০টা ভুৱা এনকাউণ্টাৰৰ গোচৰ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে৷ ২২ অক্টোবৰত উচ্চতম ন্যায়ালয়ত গোচৰৰ শুনানি অনুষ্ঠিত হ’ব। দিল্লীৰ অধিবক্তা আৰিফ জোৱাদ্দাৰে ভুৱা একাউণ্টাৰ সন্দৰ্ভত ৰাজহুৱা স্বাৰ্থজনিত আবেদন ৮৬/২০২১ দাখিল কৰিছিল৷ ৰাজহুৱা স্বাৰ্থজনিত আবেদন ২০২১ চনৰ মে’ মাহৰ পৰা ৰাজ্যত ৮০টা এনে ভুৱা এনকাউণ্টাত ৯০ জন লোক নিহিত হোৱাৰ লগতে ১৫০ লোক আহত হোৱাৰ কথা উল্লেখ কৰা হৈছে৷ সকলো এনকাউণ্টাৰ নিশা সংঘটিত হৈছিল। আৰক্ষীৰ পৰা বন্দুক কাঢ়ি আন্ধাৰৰ সুযোগ লৈ পলায়নৰ প্ৰয়াস কৰা অভিযুক্তক গুলী কৰি ঘূণীয়া কৰিছিল আৰক্ষীয়ে৷