দেওবাৰে অনুষ্ঠিত হ’বলগীয়া এ ডি আৰ ই পৰীক্ষাৰ বাবে পুনৰ কৰ্তন কৰা হ’ব ইণ্টাৰনেট। শুকুৰবাৰে এক জাননীযোগে এই কথা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা ৫০২৩ টা চতুৰ্থ বৰ্গৰ পদৰ বাবে দেওবাৰে এ ডি আৰ ই পৰীক্ষা অনুষ্ঠিত হ’ব। এই নিযুক্তি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে দিনটোৰ প্ৰায় আঠ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা কৰ্তন কৰিব। দেওবাৰে পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত পুৱা ৮.৩০ বজাৰ পৰা বিয়লি চাৰি বজালৈ অচল হৈ হ’ব ইণ্টাৰনেট। উল্লেখ্য যে, বিভিন্ন বিভাগত খালী হৈ থকা ৫০২৩টা পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’ব ১৩,২৯,১৩২ গৰাকী পৰাক্ষাৰ্থী। আনহাতে ১,৪৮৪টা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই পৰীক্ষা। মন কৰিবলগীয়া যে, পূৰ্বৰ নিযুক্তি পৰীক্ষাৰ সময়ত ৰাজ্য চৰকাৰে ঘোষণা কৰা নিৰ্দিষ্ট সময়ৰ ২-৩ ঘণ্টা পূৰ্বেই ইণ্টাৰনেট কৰ্তন কৰা পৰিলক্ষিত হৈছিল। এইবাৰো চৰকাৰে পুৱা ৮.৩০ বজাৰ পৰা ইণ্টাৰনেট কৰ্তন কৰা হ’ব বুলি প্ৰকাশ কৰিলেও পুৱা ৬ বজাতেই কৰ্তন কৰা হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। সমান্তৰালভাৱে ৫ হাজাৰ খালী পদৰ নিযুক্তিৰ বাবে আঠ ঘণ্টাধৰি কোটি কোটি জনতাৰ ইণ্টাৰনেটৰ সৈতে জড়িত কাম-কাজ স্তব্ধ কৰিব বিচৰাক লৈও একাংশ নেটিজেনে ক্ষোভ ব্যক্ত কৰিছে।
হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ
হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা সাংসদ পাপ্পু যাদৱৰ। ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ চলাবলৈ আজি ঝাৰখণ্ড ভ্ৰমণলৈ অহা সাংসদ পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা-সৰকা কৰে ৷ অৱশ্যে…