

ডিজিটেল ডেস্কঃ দেশত পুনৰ বৃদ্ধি পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ এক প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ জুনৰ পৰা জুলাই মাহৰ ভিতৰত ভাৰতত ৯০৮ জন নতুনকৈ কোভিড আক্ৰান্ত হোৱাৰ লগতে দুজন লোকৰ মৃত্যু হৈছে। ৰাষ্ট্ৰসংঘৰ সংস্থাটোৰ শেহতীয়া কোভিড মহামাৰী বিজ্ঞানৰ আপডেটত দেখা গৈছে যে ২৪ জুনৰ পৰা ২১ জুলাইৰ ভিতৰত ৮৫খন দেশত প্ৰতি সপ্তাহত গড়ে ১৭,৩৫৮টা নমুনাৰ SARS-CoV-2 পৰীক্ষা কৰা হৈছিল।
এই সময়ছোৱাত বিশ্বজুৰি নতুনকৈ আক্ৰান্তৰ সংখ্যা ৩০ শতাংশ, মৃত্যুৰ সংখ্যা ২৬ শতাংশ বৃদ্ধি পাইছে। ৯৬ খন দেশত ১,৮৬,০০০ তকৈ অধিক নতুন ক’ৰ’না আক্ৰান্ত হোৱাৰ লগতে ৩৫ খন দেশত ২,৮০০ তকৈ অধিক নতুনকৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ডব্লিউ এইচ অ’ই লক্ষ্য কৰিছে যে ২১ জুলাইলৈকে ‘কৰ’না মহামাৰীৰ আৰম্ভণিৰ পৰাই বিশ্বজুৰি ৭৭.৫ কোটিতকৈ অধিক ৰোগী আৰু সাত নিযুত লোকৰ মৃত্যু হৈছে।’
কোভিড সংক্ৰমণৰ বাবে আমেৰিকা আৰু ইউৰোপীয় অঞ্চলৰ দেশসমূহে সৰ্বাধিক চিকিৎসালয়ত ভৰ্তি আৰু আই চি ইউত ভৰ্তি হোৱাৰ তথ্য প্ৰকাশ কৰিছে। দক্ষিণ-পূব এছিয়া অঞ্চলত থাইলেণ্ডত সৰ্বাধিক নতুন ক’ৰ’না আক্ৰান্ত আৰু মৃত্যুৰ তথ্য পোহৰলৈ আহিছে। তদুপৰি প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বজুৰি JN.1 হৈছে কৰ’নাৰ আটাইতকৈ বেছি ৰিপ’ৰ্ট কৰা ভেৰিয়েন্ট (VOI), যিটো ১৩৫খন দেশত উপস্থিত।
ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ কোভিড ডেচব’ৰ্ড অনুসৰি ভাৰতৰ বহু ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে। অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ছিকিম, মহাৰাষ্ট্ৰ, মেঘালয়, ৰাজস্থান আৰু পশ্চিম বংগত পাঁচ শতাংশতকৈ অধিক পজিটিভ হাৰ দেখা গৈছে। ইয়াৰে মহাৰাষ্ট্ৰত সৰ্বাধিক ৪১৭ জন আক্ৰান্ত হোৱাৰ বিপৰীতে পশ্চিম বংগত ১৫৭ জন আৰু উত্তৰাখণ্ডত ৬৪ জন আক্ৰান্ত হৈছে।