
ডিজিটেল ডেস্কঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ জঘন্য কাণ্ডৰ মাজতে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি ধৰ্ষণৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিবলৈ দাবী জনায় পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।
মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মুখ্য উপদেষ্টা আলাপন বেনাৰ্জীয়ে সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যিক সচিবালয় নৱান্নত প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখন পাঠ কৰে। তেওঁৰ মতে, মমতা বেনাৰ্জীয়ে চিঠিখনত লিখিছে, ‘মাননীয় প্ৰধানমন্ত্ৰী, মই দৈনিক সংঘটিত হোৱা আৰু ক্ৰমাৎ বৃদ্ধি পোৱা ধৰ্ষণৰ ঘটনাৰ প্ৰতি আপোনাৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো। নাৰীৰ ওপৰত সমগ্ৰ দেশতে এনে ঘটনা সংঘটিত হৈছে আৰু বহু ক্ষেত্ৰত হত্যাৰ লগতে ধৰ্ষণো হৈছে।’’
মমতাই আৰু লিখিছে, ‘সমগ্ৰ দেশত প্ৰতিদিনে প্ৰায় ৯০টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈ আছে, যিয়ে সমাজ আৰু জাতিৰ আত্মবিশ্বাস আৰু বিবেকক জোকাৰি যায়। ইয়াৰ অন্ত পেলোৱাটো আমাৰ সকলোৰে চূড়ান্ত কৰ্তব্য, যাতে মহিলাসকলে নিৰাপত্তা অনুভৱ কৰে। এনে গুৰুতৰ আৰু স্পৰ্শকাতৰ বিষয়টোক এনে কুৎসিত অপৰাধৰ সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে আদৰ্শগত শাস্তিৰ ব্যৱস্থা কৰা কঠোৰ কেন্দ্ৰীয় আইনখনৰ জৰিয়তে ব্যাপকভাৱে সমাধান কৰাটো প্ৰয়োজন।’
লগতে এনে গোচৰৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ দাবী জনাই মমতাই লিখিছে, ‘এনে গোচৰৰ ক্ষিপ্ৰ বিচাৰৰ বাবে ফাষ্ট ট্ৰেক বিশেষ আদালত স্থাপন কৰাটোও প্ৰস্তাৱিত আইনত বিবেচনা কৰা উচিত, যাতে ১৫ দিনৰ ভিতৰত এনে গোচৰৰ শুনানি সম্পূৰ্ণ কৰিব পাৰি।’