ডিজিটেল ডেস্কঃ বাংলাদেশৰ ব্যাপক হিংসাত্মক পৰিস্থিতি আৰু প্ৰতিবাদকাৰীৰ দ্বাৰা পদত্যাগৰ দাবী উত্থাপনৰ পিছতে শনিবাৰে ন্যায়াপালিকাৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰে বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ওবাইদুল হাছানে। শনিবাৰে ঢাকাৰ উচ্চতম ন্যায়ালয় ঘেৰাও কৰে প্ৰতিবাদকাৰীয়ে। ইয়াৰ পিছত মুখ্য ন্যায়াধীশকে ধৰি সকলো ন্যায়াধীশক দুপৰীয়া ১ বজাৰ ভিতৰত পদত্যাগ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীয়ে।
উচ্চতম ন্যায়ালয়ৰ চৌহদত সাংবাদিকৰ আগত মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ক্ৰমবৰ্ধমান পৰিস্থিতিৰ মাজতে সমগ্ৰ দেশৰ উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয় আৰু নিম্ন আদালতৰ ন্যায়াধীশসকলৰ সুৰক্ষাৰ কথা মনত ৰাখি পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে।
উচ্চতম ন্যায়ালয়ৰ আন ন্যায়াধীশসকলেও পদত্যাগ কৰিব নেকি বুলি সোধাত মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে এয়া তেওঁলোকৰ সিদ্ধান্ত।
উল্লেখ্য যে, পদত্যাগ নকৰিলে ন্যায়াধীশ আৰু মুখ্য ন্যায়াধীশ ওবাইদুল হাছানৰ বাসগৃহত সন্ত্ৰাসৰ সৃষ্টি কৰিব বুলি প্ৰতিবাদকাৰীসকলে সকীয়াই দিছিল। শ্বেখ হাছিনাই দেশ এৰি যোৱাৰ পিছত তাত মহম্মদ ইউনুছৰ নেতৃত্বত নতুন চৰকাৰ গঠন কৰা হৈছে।