প্ৰতিমূৰ্তিৰ তলত ‘সতী ৰাধিকা আই আৰু সংস্কাৰ’ নামৰ গ্ৰন্থ উন্মোচন

বোকাখাতৰ আগৰণুৱা মহিলা, সমাজসেৱিকা তথা লেখিকা স্মৃতিৰেখা দাসৰ ঐতিহাসিক তথ্যসম্বলিত মূল্যৱান গ্ৰন্থ এখন ১২ মে’ত উন্মোচন কৰা হয়৷ এক ব্যতিক্ৰমী পন্থাৰে গ্ৰন্থখন উন্মোচন কৰা হয়৷ বোকাখাতস্থিত সম-জিলা কাৰ্যালয় চৌহদত থকা আবক্ষ প্ৰতিমূৰ্তিৰ তলত একাংশ মহিলা সমৱেত হৈ গ্ৰন্থখন উন্মোচন কৰে৷ গ্ৰন্থখনৰ নাম হৈছে ‘সতী ৰাধিকা আই আৰু সংস্কাৰ’৷ ‘সতী ৰাধিকা আই আৰু সংস্কাৰ’ নামৰ গ্ৰন্থখন বৌদ্ধ পূৰ্ণিমাৰ দিনটোত আনুষ্ঠানিকভাৱে মুকলি কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈয়ে৷ সিদিনা বোকাখাত সম-জিলা কাৰ্যালয়ৰ সতী ৰাধিকাৰ প্ৰতিমূৰ্তিৰ তলত কেইবাগৰাকী গণ্য-মান্য লোকৰ উপস্থিতিত স্মৃতিৰেখা দাসে মূল্যৱান গ্ৰন্থখন পঢ়ুৱৈৰ হাতত তুলি দিয়ে৷ অতি কষ্টৰে ঐতিহাসিক তথ্য সংগ্ৰহ কৰি আই মহাসতীয়ে সমাজৰ বাবে কৰা বিৰল কৰ্তব্যৰ কথা যুৱ প্ৰজন্মৰ মাজলৈ নিবৰ বাবে গ্ৰন্থখন লিখা বুলি উল্লেখ কৰিছে স্মৃতিৰেখা দাসে৷ স্মৃতিৰেখা দাসে কয় যে কলম হাতত তুলি লোৱাৰ প্ৰয়োজন আহি পৰিছে৷ আমি আমাৰ বীৰ পুৰুষ-মহিলাসকলক পাহৰি যাব ধৰিছো৷ নৱ প্ৰজন্মই আমাৰ মহাসতী সতী ৰাধিকাক যাতে অন্তৰ পৰা জানিব পাৰে তাৰ বাবে মই অশেষ কষ্ট কৰি হাতপুথি আকাৰে গ্ৰন্থখন ছপা কৰি ৰাইজৰ হাতত তুলি দিছো৷ মই আশা কৰিছো যে গ্ৰন্থ পঢ়ি কেৱল নৱ প্ৰজন্মই নহয় সমাজৰ প্ৰতিগৰাকী লোক উপকৃত হ’ব৷ মোৰ মা-দেউতাৰ অনুপ্ৰেৰণা, শিক্ষাগুৰুসকলৰ কৃপাত মোৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টা সফল হৈছে৷ স্মৃতিৰেখা দাসে আৰু কয় যে সতী ৰাধিকা আমাৰ গৰ্ব৷ সমাজত বৰ্তি থকা অস্পৃশ্যতা, নাৰীৰ প্ৰতি অৱহেলাৰ বিপৰীতে সাহসী সতী ৰাধিকা আই নাৰীৰ প্ৰতীক। পৃথিৱীৰ সমস্ত নাৰীৰ মৰ্যাদাক প্ৰতীক বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷ ১৫০০ শতিকাতে কৈৱৰ্ত বংশৰ এইগৰাকী সাধাৰণ মহিলাই বীৰত্বৰে নিজৰ সমাজখনক প্ৰতিনিধিত্ব কৰিছিল আৰু উচ্চ-নীচৰ ভেদাভেদ নাইকিয়া কৰিবলৈ প্ৰয়াস কৰিছিল।

  • Related Posts

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ