
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ সকলো পৰীক্ষা স্থগিত ঘোষণা কৰে৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পিছতহে সংশোধিত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিব। আজি পৰিষদে উল্লেখ কৰি কয় যে উচ্চতৰ মাধ্যমিকৰ প্ৰথমবৰ্ষৰ ২৪ মাৰ্চৰ পৰা অনুষ্ঠিত হ’বলগীয়া পাঁচটা পৰীক্ষা চৰকাৰে বাতিল কৰা হৈছে৷ ফলত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ কেইবা হাজাৰ অভিভাৱক অনিশ্চিয়তাত ভূগিছে৷ লাখ লাখ পৰিক্ষাৰ্থীয়ে দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত পৰীক্ষা বহিবলৈ সাজু হৈ আছিল যদিও অনিশ্চয়তাত সময় পাৰ কৰিছে। প্ৰায় ৩.৩২ লাখ শিক্ষাৰ্থীয়ে শিক্ষা বিভাগৰ স্পষ্টতাৰ বাবে অনিশ্চিত শৈক্ষিক ভৱিষ্যতৰ দিশে আগবাঢ়িছে৷ প্ৰশ্নকাকত লিক গোচৰ সন্দৰ্ভত চিআইডিত এটা গোচৰ ৰুজু কৰিছে পৰিষদে। দ্ৰুততাৰে পাঁচ জনীয়া চিআইডিৰ দলে বিষয়টো তদন্ত কৰিবলৈ আজি পৰিষদৰ কাৰ্যালয়লৈ গৈছিল। দলটোৱে পৰীক্ষা নিয়ন্ত্ৰকক কাকত ফাদিল সম্পৰ্কে জেৰা কৰিছিল বুলি জানিব পৰা গৈছে৷ কাকত ফাদিল কাণ্ডত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ ইংগিত দিয়ে চিআইডিয়ে। ইফালে, প্ৰশ্নকাকত বাতিল কৰাৰ সন্দৰ্ভত কেইবাখনো বিদ্যালয় চিনাক্ত কৰা হৈছে। ধেমাজি জিলাৰ ছয়খন বিদ্যালয় পৰীক্ষাৰ কাকত লিকত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।