বন্ধ হাজাৰ হাজাৰ ক্ষুদ্ৰ, মজলীয়া উদ্যোগ, ক্ষুদ্ৰ ব্যৱসায়ীক সহায় কৰক চৰকাৰ

অহা ২৫,২৬ ফেব্ৰুৱাৰীত অসমত বিনিয়োগকাৰীক আকৰ্ষিত কৰিবলৈ দ্বিতীয়বাৰৰ বাবে ‘Advantage Assam’ আয়োজন কৰা হৈছে । ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়া, সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু চিন্ময় বড়াই আজি ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি চৰকাৰৰ এনে পদক্ষেপক স্বাগতম জনায়ো কয় যে কিন্তু এই ক্ষেত্ৰত ২০১৭ চনত অনুষ্ঠিত ‘Advantage Assam’ ৰ পৰা হোৱা অভিজ্ঞতাৰ পৰা অসম তথা কেন্দ্ৰীয় চৰকাৰে কিছু বিশেষ ব্যৱস্থা ল’ব লাগে । সাধাৰণ সম্পাদক ৰাছেল হুছেইনে প্ৰশ্ন কৰে প্ৰথমখন ‘ Advantage Assam’ পৰা অসমে কি পালে আৰু কি হেৰুৱালে? বৰং পৰৱৰ্তী সময়ত ক’ভিড কালত অসমৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ, মজলীয়া উদ্যোগ, ক্ষুদ্ৰ ব্যৱসায়, ৰেস্তুৰেন্ট বন্ধ হৈ গ’ল । ফলত এক বৃহৎ সংখ্যক নতুন প্ৰজন্মৰ ব্যৱসায়ীয়ে চিৰকালৰ বাবে আৰ্থিক ঋণগ্ৰস্ত হৈ পৰিলে । এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা এই সকল ব্যৱসায়ীক উদ্ধাৰ কৰাৰ বাবে কোনো বিশেষ ব্যৱস্থা লোৱা নহ’ল । এইখিনিতেই এটা কথা উল্লেখ কৰিব লাগিব যে দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ৫০% অংশীদাৰিত্ব এই ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ । এনে পৰিপ্ৰেক্ষিতত চৰকাৰে কিছু বিশেষ ব্যৱস্থা ল’ব লাগে যাতে আমি অৰ্থনৈতিক স্বাৱলম্বীতা কেৱল কেইটিমান বৃহৎ উদ্যোগ গোষ্ঠীৰ মাজতে সীমাবদ্ধ নাৰাখি অসমৰ হাজাৰ হাজাৰ নতুন উঠি অহা প্ৰজন্মৰ মাজলৈ লৈ যাব পাৰো । হুছেইনে এই ক্ষেত্ৰত চৰকাৰক কেতবোৰ পৰামৰ্শ আগবঢ়ায়।

১) এই Advantage Assam ৰ পৰা কুফল পাবলৈ অসম চৰকাৰে কিছু দীৰ্ঘম্যাদী পৰিকল্পনা কৰিব লাগিব, যাতে এই অনুষ্ঠানটো যোৱাবাৰৰ দৰে কেৱল উৎসৱ আৰু মহোৎসৱতে পৰিসমাপ্তি নঘটে । বিনিয়োগকাৰী সকলক আকৰ্ষিত কৰাৰ পিছত তেওঁলোকৰ পৰা স্থায়িত্ব পাবলৈ ৰাজ্যখনৰ আইন শৃংখলাৰ লগতে আন্তঃগাঁঠনি সুদৃঢ় কৰিব লাগিব। যাতে বিনিয়োগকাৰী সকলে উদ্যোগীকৰণৰ বাবে এটা সুস্থ পৰিবেশ দেখা পায়।

২) বৃহৎ ব্যৱসায়ীক গোষ্ঠীবোৰে বৃহৎ উদ্যোগ গঠন কৰাৰ পিছত থলুৱাক বিভিন্ন ক্ষেত্ৰত সংস্থাপিত কৰিবৰ বাবে বাহিৰৰ পৰা কৰ্মচাৰী আমদানি কৰা বন্ধ কৰিব লাগিব, যাতে থলুৱাৰ বাবে চৰকাৰৰ এই পদক্ষেপ ফলপ্ৰসূ হয় । Skilled পদবোৰত প্ৰাৰম্ভিক পৰ্য্যায়ত ৰাজ্যৰ বাহিৰৰ লোকক সংস্থাপিত কৰিলেও পৰৱৰ্তী পৰ্যায়ত স্থানীয় ভাৱে প্ৰশিক্ষণৰ ব্যৱস্থা কৰি থলুৱাক সংস্থাপিত কৰাৰ ব্যৱস্থা কৰিব লাগে ।

৩) বৃহৎ উদ্যোগবোৰে সামগ্ৰী উৎপাদন কৰোতে বহু আনুষংগিক সামগ্ৰীৰ প্ৰয়োজন হয় । এই সামগ্ৰী সমূহ বহিঃৰাজ্যৰ পৰা আমদানি নকৰি স্থানীয় ভাৱে উৎপাদন কৰিবলৈ স্থানীয়ভাৱে ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিব লাগে, যাতে থলুৱা ক্ষুদ্ৰ উদ্যোগী সকল ইয়াৰ পৰা উপকৃত হয় ।

৪) কোম্পানী সমূহে বিভিন্ন সময়ত বিভিন্ন আনুষংগিক সামগ্ৰী কৰোতে স্থানীয় ভাৱে নিবিদাৰ ব্যৱস্থা কৰি থলুৱা ব্যৱসায়ী সকলক যাতে অগ্ৰাধিকাৰ দিয়ে তাৰ ব্যৱস্থা চৰকাৰে ল’ব লাগে ।

৫) বিনিয়োগকাৰী সকলে উপযুক্ত পৰিকাঠামোৰ অভাৱত ভৱিষ্যতে ৰাজ্যখনৰ পৰা গুচি নাযায় তাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ, জল পৰিবহন ব্যৱস্থা, মালবাহী ৰেল আৰু সকলো ধৰণৰ সুব্যৱস্থা গঢ়ি তুলি এটা সুসংগঠিত Eco system গঢ়ি তোলাৰ ব্যৱস্থা কৰিব লাগে।

৬) ২০১৪ চনত কেন্দ্ৰত নৰেন্দ্ৰ মোডীৰ চৰকাৰ অহাৰ পিছত Look east policy ৰ নাম সলাই Act east policy কৰা হ’ল । দক্ষিণ পূৱ এছিয়াক উত্তৰ পূৰ্বাঞ্চলৰ বজাৰ হিচাপে গণ্য কৰি উদ্যোগ গঢ়ি তোলাৰ ক্ষেত্ৰত আজিও কোনো ধৰণৰ চকুত লগা ব্যৱস্থা চৰকাৰে লোৱা আজি পৰ্য্যন্ত দেখা পোৱা নগ’ল । সেইবাবে চৰকাৰে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, ভূটান, ম্যানমাৰ ইত্যাদিৰ লগত ৰপ্তানিৰ বাবে সহজ ব্যৱস্থা ল’ ব লাগে ।

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে