
গহপুৰঃ ৰাজ্যত বাৰিষাৰ ভয়াবহ বান পৰিস্থিতিৰ মাজতে বান সাহায্য প্ৰদানৰ নামত শতাধিক পুৰুষ-মহিলাক ঠগ-প্ৰৱঞ্চনা কৰি অৱশেষত গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এগৰাকী মহিলা। নিজতে সমাজসেৱিকা বুলি পৰিচয় দি বান সাহায্যৰ নামত মানুহক ঠগি অহা গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত বৰাণীপথাৰৰ দিপালী মহন্ত নামৰ ৪৫ বৰ্ষীয় মহিলাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, মহিলাগৰাকীয়ে ২০২২ চনৰ জুন মাহত ‘আজমল ফাউণ্ডেচন’ৰ নামত বান সাহায্য প্ৰদানৰ প্ৰৰোচনাৰে ঘাঁহিগাঁও অঞ্চলৰ শতাধিক পুৰুষ-মহিলাক ঋণগ্ৰস্ত কৰি তুলিছিল।
জানিব পৰা মতে, ২০২২ চনত ঘাঁহিগাঁও অঞ্চলত বানগ্ৰস্ত লোকসকলক ‘আজমল ফাউণ্ডেচন’ৰ বেনাৰত বান সাহায্য প্ৰদানৰ অচিলাৰে একগোট কৰিছিল দিপালী মহন্তই। সেই সময়ত তেওঁ অনলাইন বান সাহায্য প্ৰদান কৰা হ’ব বুলি শতাধিক লোকৰ পৰা পান কাৰ্ড আৰু আধাৰ কাৰ্ড সংগ্ৰহ কৰিছিল আৰু তেওঁলোকে মোবাইলযোগে লাভ কৰা অটিপিও সংগ্ৰহ কৰিছিল প্ৰৱঞ্চক মহিলাগৰাকীয়ে। পিছত মহিলাগৰাকীয়ে লোকসকলক নগদ ৫০০ টকাকৈ বান সাহায্যও প্ৰদান কৰে।
কিন্তু সেই বান সাহায্য প্ৰদানৰ নামত দিপালী মহন্তই কৰা ঠগ-প্ৰৱঞ্চনা শেহতীয়াকৈহে পোহৰলৈ আহিছে। কিছুদিন পূৰ্বে উক্ত লোক সকলৰ একাংশই তেওঁলোকৰ একাউণ্ট থকা নিৰ্দিষ্ট কিছুমান বেংকত ঋণ বিচাৰি যাওঁতে তেওঁলোকৰ “চিবিল” বেয়া বুলি কোৱাত ওৰহি গছৰ ওৰ ওলাই পৰে। কতো একো ঋণ নথকাকৈ চিবিল বেয়া বুলি কোৱাত তেওঁলোক আচৰিত হৈ পৰাৰ লগতে ইয়াৰ কাৰণ উলিয়াবলৈ তৎপৰতা অৱলম্বন কৰে। একে সময়তে ইয়াৰে একাংশ লোকলৈ বিশ্বনাথ চাৰিআলিৰ এইছ ডি এফ চি বেংক শাখাৰ পৰা কে আই চি আপডেট কৰিবলৈ জাননী আহে। উক্ত বেংক শাখাত উক্ত লোকসকলৰ এজনৰো কোনোধৰণৰ একাউণ্ট নথকাকৈ এনেদৰে জাননী অহাত হতভম্ব হৈ পৰে সকলো।
পিছত অনুসন্ধান কালত ধৰা পৰে যে দিপালী মহন্তই সেই সময়ত বান সাহায্য দিয়াৰ লোভ দেখুৱাই সংগ্ৰহ কৰা অটিপিৰ সহায়ত অন লাইন পদ্ধতিৰে প্ৰতিগৰাকীৰ নামৰ বিপৰীতে বেংক একাউণ্ট খুলিছিল। সেই সমূহ বেংক একাউণ্ট খোলাৰ পিছত এই একাউণ্ট সমূহ ব্যৱহাৰ কৰি তেওঁ প্ৰথমে হিণ্ডন মাৰ্চেন্টাইল লিমিটেড- নতুন দিল্লী নামৰ এটা প্ৰতিষ্ঠানৰ নামত বেংক লোন লৈ পৰবৰ্তী সময়ত সেই লোন পৰিশোধ কৰে তেওঁ। ইয়াৰ পিছত একেই পদ্ধতিৰে আকৌ ষ্টেট বেংক অৱ মৰিউটিয়াছ নামৰ আন এটা প্ৰতিষ্ঠানৰ নামত বেংক লোন লৈ সেই ধাৰো পৰিশোধ কৰে দিপালী মহন্তই।
ইয়াৰ পিছত একে ধৰণে এনকোৰ এছেট ৰিকনষ্ট্ৰাকছন কোম্পানী প্ৰাইভেট লিমিটেড, হাৰিয়ানা চিটি গেছ চি এন জি ষ্টেছন নামৰ আন এটা প্ৰতিষ্ঠানৰ নামত বেংক লোন লয় দিপালী মহন্তই। কিন্তু তেওঁ এই তৃতীয়টো প্ৰতিষ্ঠানৰ নামত লোৱা বেংক লোন পৰিশোধ নকৰাৰ বাবে এতিয়া বান সাহায্য লোৱা উক্ত লোক সকলৰ চিবিল স্কৰ নিম্নগামী হৈ পৰাত দিপালী মহন্তই সেই সময়ত কৰা ঠগ প্ৰবঞ্চনাৰ সমস্ত তথ্য ফাদিল হৈ পৰে।
ইপিনে প্ৰবঞ্চক দিপালী মহন্তৰ এই দুস্কাৰ্য্যৰ বিৰুদ্ধে ঘাঁহিগাঁও বাঁহবৰীয়া গাঁৱৰ গীতাঞ্জলী দাস নামৰ এগৰাকী ভুক্তভোগীয়ে হেলেম আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে দিপালী মহন্তক জামিন বিহীন ধাৰা(১২০-বি,৪২০,৪০৬,৪৬৮)ত গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত হাজিৰ কৰি পুনৰ পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মাত লয়। আৰক্ষীৰ জিম্মাত পাঁচদিনৰ ম্যাদ শেষ হোৱাত আজি দিপালী মহন্তক বিশ্বনাথ জেল হাজোতলৈ প্ৰেৰণ কৰে হেলেম আৰক্ষীয়ে।