
দীৰ্ঘ দিনৰ অন্তত ঝাৰখণ্ডৰ পাছত অসমৰ ৰাজনীতিত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি নিশা ফেচবুক লাইভত আহি কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ প্ৰসংগ টানি আনে৷ ৰকিবুল হুছেইনৰ পিতৃ, ৰকিবুল হুছেইন বিধায়ক হোৱাৰ লগতে পুত্ৰ তাঞ্জিল হুছেইনক বিধায়ক কৰিব খোজা বুলি অভিযোগ আনি হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত একাংশই পিতৃ-মাতৃৰ আশীৰ্বাদ লৈ বহু আগুৱাইছে। মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিয়ালটো সৰু বুলি কৈ কয় যে আমি জীৱনত সংগ্ৰাম কৰি আজিৰ পৰ্যায় পাইছো। বহু লোক সৌভাগ্যৱান নহয় যে পিতৃৰ পৰিচয়েৰে নিৰ্বাচন খেলিব পাৰে। একপ্ৰকাৰ ব্লু ব্লাড, সোণৰ চামুচ লৈ জন্ম হোৱা লোক ৰাজনীতিৰ পথাৰখনত আছে। চামগুৰিৰ নিৰ্বাচনত ফেমেলি পলিটিক্স আকৌ এবাৰ আগুৱাই লৈ আহিছে। চামগুৰি, নাজিৰা, যোৰহাট, বৰক্ষেত্রী গোটেই অসমখনতে কংগ্ৰেছে ব্লু ব্লাড পলিটিক্স কৰিছে। দিপ্লুৰঞ্জন শৰ্মাৰ পিতৃ ৰাজনীতিত নাছিল। পীয়ুষ হাজৰীকাৰ পিতৃ মুখ্যমন্ত্রী, মন্ত্রী নাছিল। বিজেপিৰ ৯৯ শতাংশ বিধায়ক তথা নেতাৰ পিতৃ পৰিচয় কোনেও নাজানো। বিজেপিৰ নেতাই বংশক প্ৰতিনিধিত্ব নকৰে বুলিও কয় মুখ্যমন্ত্ৰীয়ে৷ ধুবুৰীৰ সাংসদ তথা একালৰ সতীৰ্থ ৰকিবুল হুছেইনে তৰুণ গগৈ চৰকাৰৰ দিনত মন্ত্ৰী হৈ থকাৰ সময়ৰ চাকৰি দিয়াৰ প্ৰসংগ পুনৰ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে কয় যে নিৰ্বাচনী সভাত ৰকিবুল হুছেইনে চাকৰি দিয়াৰ কথা কৈছে। ২০০৫-২০০৬ চনত আৰক্ষীৰ কনিষ্টবলৰ নিযুক্তিক লৈ এক বিশাল বিতৰ্ক হৈছিল। ৰকিবুল হুছেইন গৃহ ৰাজ্যমন্ত্রী আছিল। ক্ষমতাৰ অপব্যৱহাৰ কৰি সেই সময়ত বহু চাকৰি দিয়া হৈছিল। কংগ্ৰেছ দলৰ শাসন শেষ হ’ল আৰু ৰাকেশ পালে কোটি কোটি টকাৰ বিনিময়ত কিদৰে চাকৰি দিছিল সেই অধ্যায় ৰাইজে জানিলে। নিৰ্বাচনৰ পিছতত এই বিষয়ে জানিবলৈ চেষ্টা কৰিম। ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন আৰু অসমৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ ফেচবুক লাইভত আহি কেইবাটাও বিষয়ৰ চৰ্চা কৰিছে৷ বিৰোধী দল কংগ্ৰেছ, বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোহাঁইক সমালোচনা কৰাৰ লগতে ভাষা গৌৰৱ সপ্তাহ, মিছন বসুন্ধৰা, উপ-নিৰ্বাচনক লৈ বক্তব্য ৰাখে মুখ্যমন্ত্ৰী ড০ শৰ্মাই৷ উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে গছসমূহ কাটিবলৈ কাৰ্ট মাৰ্ক দিয়া হৈছিল যদিও মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে দীঘলীপুখুৰীপাৰৰ গছ কথা প্ৰসংগক অপপ্ৰচাৰ আখ্যা দিয়াৰ প্ৰয়াস কৰে৷ দীঘলীপুখুৰীৰ গছ কাটিব বিচৰাটো অসত্য বুলি কয়। আকৌ মুখ্যমন্ত্ৰীয়ে গছ কটা বিষয়টোৰ আন এটা মন্তব্যও প্ৰদান কৰি আহিছে৷ তেওঁ কয় যে গছবোৰ কটাৰ পৰিৱৰ্তে অত্যাধুনিক প্ৰযুক্তিৰে উঘালি আন ঠাইলৈ নি ডিচি কোৰ্ট উদ্যানত সংস্থাপন কৰিব খুজিছিল। বিতৰ্কৰ সৃষ্টি হোৱাত মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভত কয় যে এচামে বিতৰ্ক কৰি ভালপায়৷ একাংশই চানমাৰি সেঁতুখন হোৱাটো নিবিচাৰে। এচামে প্ৰকৃতিক সঁচাই ভালপায়। আমি অৱশেষত সিদ্ধান্ত লৈছো৷ ৰাইজৰ কথা মতে চলাটো মোৰ দায়িত্ব। এটা বিতৰ্কৰ শেষ হ’ল। উৰণ সেঁতুখন আমি ভবা মতে কৰিব পাৰিলে ট্ৰেফিক কমিলহেঁতেন। লগতে মুখ্যমন্ত্ৰীয়ে বিশিষ্ট বুদ্ধিজীৱি হীৰেন গোহাঁইক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ হীৰেন গোহাঁয়ে অযথা বিতৰ্ক আনিলে যে চৰকাৰে লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিটো স্থানান্তৰ কৰিব বিচৰা হৈছে। তেনে প্ৰস্তাৱ লোৱা হোৱা নাছিল৷ প্ৰতিমূৰ্তিৰ তলেৰে উৰণ সেঁতু যাব। স্থানান্তৰৰ প্ৰয়োজনীয়তাই নাই৷ কিন্তু হীৰেন গোহাঁইৰ দৰে ব্যক্তিয়ে অযথা বিতৰ্ক কৰি প্ৰতিটো কামতে আক্ৰমণৰ প্ৰচেষ্টা কৰে। ভাষা গৌৰৱ সপ্তাহৰ প্ৰসংগ উল্লেক কৰি ভাষা গৌৰৱ সপ্তাহ পালন কৰি থকা হৈছে। ৯৯ হাজাৰ অনুষ্ঠান সম্পূৰ্ণ হৈছে৷ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক জনাই মুখ্যমন্ত্ৰীয়ে৷ মিছন বসুন্ধৰা বসুন্ধৰাই ভূমিপুত্ৰক ভূমিৰ অধিকাৰ দিয়াত সহায় কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এনচি গাঁৱৰ লোকেও মাটিৰ পট্টা লাভ কৰিছে। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে পট্টা লাভ কৰিছে৷ গোৰ্খা, চাহ বাগিচা, কোঁচ-ৰাজবংশীক তিনি প্ৰজন্মৰ নথি-পত্রৰ পৰা ৰেহাই দিয়া হৈছে৷ উপ-নিৰ্বাচনত অনুষ্ঠিত সমষ্টিত জয়ী হোৱাৰ দাবী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বঙাইগাঁও, ধলাই, চিদলী, বিহালী, চামগুৰিত জয়লাভ কৰিম। ৰাইজে হিয়া উজাৰি আমাক আশীৰ্বাদ দিছে। পুনৰ তিনি-চাৰি দিনৰ বাবে ঝাৰখণ্ডলৈ যাব লাগিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে৷ ৰাজ্যত আন্দোলন আৰু চাকৰি দিবৰ বাবে মধ্যভোগী নোহোৱা হৈছে বুলি উল্লেখ কৰি কয় যে এডিআৰইত ১২-১৩ লাখ প্ৰাৰ্থীয়ে পৰীক্ষা দিছে৷ চাকৰিৰ সংখ্যা কম৷ কিন্তু যুৱক-যুৱতীৰ মাজত আস্থাৰ পৰিৱেশ সৃষ্টি হৈছে৷