বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ নহয়৷ আজি এই কথা চূড়ান্ত কৰিলে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ চূড়ান্ত ৰায়দানৰ পিছত বাঘবৰৰ বিধায়ক শ্বেৰমেন আলীৰ বিধায়ক পদ ৰক্ষা পৰে। সাংসদ ৰাকিবুল হুছেইন আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আনুষ্ঠানিকভাৱে জনোৱা আবেদনৰ ভিত্তিত আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত বিধায়ক পদৰ পৰা অযোগ্যতাৰ বাবে শুনানি অনুষ্ঠিত হৈছিল৷ ৰকিবুল হুছেইনে অধ্যক্ষক দলীয় অনুশাসন উলংঘনৰ অভিযোগত শ্বেৰমান আহমেদৰ বিধায়কৰ মৰ্যাদা প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিল৷ আনহাতে শইকীয়াইও একে ধৰণৰ আবেদন দাখিল কৰিছিল। পূৰ্বে আৰু পুনৰ আজি শুনানি অনুষ্ঠিত কৰি অধ্যক্ষই আহমেদৰ পক্ষত ৰায় দিয়ে আৰু বিধায়ক পদ অব্যাহত থাকিব বুলি কয়? এই সিদ্ধান্তৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্বেৰমানে কয় যে ধাৰ্ম্মিক পথে দৃঢ়তাৰে ঈশ্বৰ বা আল্লাৰ পৰা সমৰ্থন পোৱাটো নিশ্চিত কৰে। অধ্যক্ষৰ নিৰপেক্ষতাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে অধ্যক্ষৰ সততাৰ ওপৰত মোৰ সদায় বিশ্বাস আছে। খিলঞ্জীয়া লোকসকল সৰল আৰু স্পষ্টিবাদী৷ তেওঁৰ পক্ষপাতহীন বিচাৰৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো।
সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ
চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…