অসম গণ পৰিষদে প্ৰতিষ্ঠাকালৰ আদৰ্শৰ পৰা ফালৰি কাটি হিন্দুত্ববাদী ৰাজনীতিত জীন যোৱা বুলি উত্থাপিত অভিযোগক মিছা বুলি প্ৰমাণিত কৰিলে অগপৰ জ্যেষ্ঠ নেতা তথা চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই৷ কট্টৰ হিন্দুত্ববাদী দল বিজেপিৰ সহযোগী হৈ ৰাজ্য চৰকাৰৰ অংশীদাৰ হৈ থকা অসম গণ পৰিষদ প্ৰতিষ্ঠাকালৰ পৰাই জাতীয়তাবাদী, আঞ্চলিকতাবাদী আদৰ্শৰ পৰা তিলমানো আতৰি অহা নাই বুলি দাবী কৰি আহিছে৷ লগতে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অগপত সকলোৰে বাবে দুৱাৰ খোলা আছে বুলি কৰা দাবীক উজনি অসমত প্ৰমাণ কৰিলে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই৷ ধৰ্ম বিশেষক টাৰ্গেট কৰি লৈ অসমত ৰাজনীতি চলি থকাৰ সময়তে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই দুই বিশিষ্ট ইছলামধৰ্মী ব্যৱসায়ীক ফুলাম গামোচা পিন্ধাই দলটোলৈ আদৰণি জনাইছে৷ ডিব্ৰুগড় জিলা ডিকমৰ প্ৰতিষ্ঠিত দুই ব্যৱসায়ীক দলটোত যোগদান কৰাই দলৰ জন্মকালৰ আদৰ্শক মজবুত কৰিবলৈ বাৰ্তা দিছে৷ চাবুৱা-লাহোৱাল সমষ্টিৰ ডিকম গাঁও পঞ্চায়তৰ প্ৰতিষ্ঠিত ব্যৱসায়ী, সমাজকৰ্মী নু আলম খান আৰু যুৱ ব্যৱসায়ী আছলাম খানক অসম গণ পৰিষদত যোগদান কৰাই পোনাকণ বৰুৱাই। অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই পিতা-পুত্ৰ নু আলম খান আৰু যুৱ ব্যৱসায়ী আছলাম খানক ডিকমস্থিত বাসগৃহত ফুলাম গামোছা পিন্ধাই দললৈ আদৰণি জনায়। নু আলম খান আৰু আছলাম খানে সমাজৰ হকে কাম কৰি আহিছে৷ অসহায়, দৰিদ্ৰ লোকৰ বাবেও কাম কৰে৷ কিন্তু ব্যৱসায়ী পৰিয়ালটোৱে সকলো ৰাজনীতিকৰ সৈতে সম্পৰ্ক বজাই ৰাখে যদিও দলীয় ৰাজনীতিৰ পৰা সদায়েই আতৰি আছিল৷ কিন্তু হঠাতে দুই ব্যৱসায়ীয়ে ৰাজনীতিত ভৰি থোৱাৰ মন মেলি কংগ্ৰেছ বা অন্য দললৈ নগৈ অসম গণ পৰিষদত যোগদান কৰিছে৷ কাৰণ হিচাপে দুই ব্যৱসায়ীয়ে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাৰ কাম-কাজ, নম্ৰতা, ভদ্ৰতা বুলি কয়৷ বিধায়ক বৰুৱাই সমাজত ভাতৃত্বাবোধ, সম্প্ৰীতিৰ এনাজাৰীডাল কটকটীয়া কৰিবলৈ কাম কৰি গৈছে৷ আনহাতে, স্বাধীনতাৰ পিছত চাবুৱা সমষ্টিত যি কাম হৈছে সেইখিনি দুৰ্নীতি অবিহনে আৰু সূচাৰুৰূপে হোৱা বুলি কৈ বিধায়ক বৰুৱাৰ কামৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰা বুলি কয় নু আলম খান আৰু আছলাম খানে৷ যোগদান কাৰ্যসূচীত অগপৰ চাবুৱা-লাহোৱাল সমষ্টিৰ সভাপতি কৃষ্ণানন্দ দুৱৰা, সম্পাদক বিনোদ বুঢ়াগোহাঁই, মহিলা পৰিষদৰ নেত্ৰী অঞ্জলী গগৈ, প্ৰভাত চাহু আদি উপস্থিত থাকে।
সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ
চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…