বিশিষ্ট সংগীত শিল্পী বীণা ভাগৱতী আৰু নাই

অলেখ গুণমুগ্ধ, আত্মীয় স্বজনক কন্দুৱাই অইহসংসাৰৰ পৰা মেলানি মাগে সংগীত শিল্পী বীণা ভাগৱতীয়ে৷ মহানগীৰৰ জু-ৰোডস্থিত নিজ বাসগৃহ ৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷ অসুস্থ হৈ থকা বীণা ভাগৱতীয়ে আজি পুৱা প্ৰায় ৬ বজাত মৃত্যুক আকোৱালি লয়৷ ১৯৩৭ চনৰ ১২ ডিচেম্বৰত কামৰূপ জিলাৰ পলাশবাৰীত জন্মগ্ৰহণ কৰা বীণা ভাগৱতীয়ে কৈশোৰ অৱস্থাৰ পৰাই মাতৃ আৰু মোমায়েকৰ তত্বাৱধনাত গানৰ সাধনা কৰিছিল৷ গানৰ আনুষ্ঠানিক শিক্ষাও গ্ৰহণ কৰিছিল৷ বিশিষ্ট গানৰ সাধক হৰলাল বেনার্জী, জীতেন দেৱ, পৰেশ ৰায়ৰ সান্নিধ্যত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল৷ উচ্চশিক্ষা গ্ৰহণ কৰালৈকে সংগীতৰ জগতখনৰ সৈতে জড়িত থকাৰ লগতে হাজো ছোৱালী হাইস্কুল, ৰামপুৰ মাধৱদেৱ ছোৱালী হাইস্কুল আৰু মির্জা সৰপাৰা হাইস্কুলত শিক্ষকতা কৰিছিল৷ চৰকাৰী চাকৰি এৰি ১৯৭৪ চনত লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যাপীঠত শাস্ত্রীয় সংগীতত বিশাৰদ ডিগ্রী লাভ কৰে। অসমৰ সেই সময়ৰ অন্যতম সংগীত শিল্পী ৰূপে লতা মংগেশকাৰৰ সান্নিধ্য লাভ কৰিছিল বীণা ভাগৱতীয়ে৷ তেখেতে কেৱল অসমতো নহয় ৰাজ্যৰ বাহিৰতো সংগীত পৰিৱেশন কৰি খ্যাত লাভ কৰিছিল৷ পঞ্চম শ্রেণীত অধ্যয়নৰত অৱস্থাত প্ৰথমবাৰ ১৯৫০ চনত গুৱাহাটীৰ অনাতাঁৰ কেন্দ্র যোগে ‘ভকতিৰ ধূপ পুৰি যায় প্রভু’ শীৰ্ষক বৰগীত গীত গাইছিল৷ বহু বৰগীত, ভজন, লোকগীত, বিহুসুৰীয়া গীত ৰেডিঅ’ যোগে প্ৰচাৰ হোৱাত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল৷

  • Related Posts

    কাৰণ দৰ্শোৱাৰ জাননী! আলফা স্বাধীনক বেআইনী সংগঠন ঘোষণা কৰা নহ’ব কিয়?

    নিষিদ্ধ ঘোষিত আলফা স্বাধীনক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জাননী মতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ট্ৰিবিউনেলত হাজিৰ হৈ আলফা স্বাধীনক কিয় বেআইনী সংগঠন ঘোষণা কৰা নহ’ব…

    সাহিত্য সভাৰ বঁটাসমূহ ঘোষণা

    পাঠশালা অধিৱেশন চলি থকাৰ মাজতে অসম সাহিত্য সভাই বিভিন্ন দিশৰ বঁটাসমূহ ঘোষণা কৰিছে৷ অসম সাহিত্য সভাই অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা নীলমণি সেন ডেকাক প্ৰদানৰ ঘোষণা কৰিছে৷ নলিনীৱালা হাজৰিকাক বাসন্তী বদৰলৈ বঁটা,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…