বি টি চিৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক অনিয়মৰ অভিযোগ, স্বচ্ছ আৰু নিকা নিযুক্তিৰ দাবী ডি ৱাই এফ আইৰ

গুৱাহাটীঃ বি টি চিৰ অধীনৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ বাবে শেহতীয়াকৈ ঘোষণা কৰা চূড়ান্ত তালিকাত যথেষ্ট আসোঁৱাহ আৰু অস্পষ্টতা ৰৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়েও এই ঘটনাৰ এক তদন্ত বিচাৰিছে আৰু ৰাজনৈতিক স্বজন-তোষণৰ বাবে যাতে মেধাসম্পন্ন প্ৰাৰ্থীক বঞ্চিত কৰি কম মেধাৰ প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ নাপায় তাৰ ব্যৱস্থা কৰিবলৈ বি টি চিৰ মুখ্য প্ৰশাসক প্ৰমোদ বড়োৰ লগতে মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী উত্থাপন কৰে।

উল্লেখ্য যে, বি টি চিৰ শিক্ষা বিভাগৰ পক্ষৰ পৰা বৃহস্পতিবাৰে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ চূড়ান্ত বাচনি তালিকা প্ৰকাশ কৰা হয় আৰু আচৰিত ধৰণে শুকুৰবাৰে পুৱা ৮.৩০ বজাৰ ভিতৰত প্ৰাৰ্থীসকলক জিলা শিক্ষা বিষয়াৰ সন্মুখত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হয়। কিন্তু লক্ষণীয় কথাটো হ’ল চূড়ান্ত তালিকাত নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলৰ প্ৰাপ্ত নম্বৰসমূহৰ বিষয়ে কোনো উল্লেখ নাই।

আনহাতে ভেৰিফিকেশ্বনৰ পাছত যি নম্বৰৰ ভিত্তিত তালিকা প্ৰকাশ কৰা হৈছিল সেই তালিকাৰ একেবাৰে তলত থকা প্ৰাৰ্থীৰ নামো চূড়ান্ত বাচনি তালিকাত স্থান লাভ কৰাৰ অভিযোগ উঠিছে। চূড়ান্ত তালিকাত প্ৰাৰ্থীৰ কোনো নম্বৰ প্ৰকাশ নকৰা কাৰ্যই সন্দেহ গভীৰ কৰি তুলিছে।

একেদৰে বি টি চি বাহিৰৰ প্ৰাৰ্থীও তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। আচৰিত ধৰণে বি টি চিৰ শিক্ষা বিভাগে বিজ্ঞাপন প্ৰকাশৰ পাছত জাৰি কৰা নতুন নতুন নিৰ্দেশনাই নানা প্ৰশ্ন আৰু সন্দেহৰ সৃষ্টি কৰিছে। এনে প্ৰশ্ন আৰু বিসংগতিৰ বাবেই সমগ্ৰ প্ৰক্ৰিয়াটোত একাংশ প্ৰাৰ্থীক বিশেষ অগ্ৰাধিকাৰ দি চূড়ান্ত বাচনী তালিকাত স্থান দিয়া হৈছে বুলি সন্দেহ অধিক ঘণীভূত কৰিছে।

এনে পৰিপ্ৰেক্ষিতত ডি ৱাই এফ আইৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ৰুস্তম আলী আৰু সম্পাদক ৰিতু ৰঞ্জন দাসে এক বিজ্ঞপ্তি প্ৰকাশ কৰি সমগ্ৰ বিষয়টো সন্দৰ্ভত বিটিচিৰ প্ৰধান প্ৰমোদ বড়োৰ পৰা স্পষ্টীকৰণ দাবী কৰিছে আৰু এই নিযুক্তিত সংঘটিত অনিয়মৰ সঠিক তদন্ত কৰি যোগ্য প্ৰাৰ্থীক নিযুক্তি দিবলৈ দাবী জনাইছে।

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে