
অসম আৰক্ষীয়ে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহাক মুক্তি দিয়ে। গ্ৰেপ্তাৰৰ পিছতে ৰাজ্যজুৰি উদ্ভৱ হোৱা প্ৰতিক্ৰিয়াৰ পিছতে আৰক্ষীয়ে মুকলি কৰি দিবলৈ বাধ্য হয়৷ শিৱসাগৰৰ যি ঠাইত গ্ৰেপ্তাৰ কৰা হৈছিল সেি ঠাইতে মুক্ত কৰি দিয়ে৷ ১২ ঘণ্টীয়া দুলীয়াজান বন্ধ চলি থকাৰ সময়তে শৃংখল চলিহাক আটক কৰা হৈছিল। ইয়াৰ পাছতেই বীৰ লাচিত সেনাৰ সদস্যসকলে তেওঁৰ মুক্তিৰ দাবীত চৰকাৰ আৰু আৰক্ষীৰ বিৰুদ্ধে জোৰদাৰ দাবী জনায়। গ্ৰেপ্তাৰৰ খবৰ বিয়পি পৰাত ৰাজ্যজুৰি বিৰোধ আৰু প্ৰতিবাদ আৰম্ভ হয়। সংগঠন আৰু সচেতন নাগৰিকে তৎক্ষণাৎ মুক্তিৰ দাবী জনায়। জে’লৰ পৰা মুকলি হৈয়ে শৃংখল চলিহাই কয় যে ডিব্ৰুগড় এছ পি অফিচৰ পৰা মোক এৰি দিছে। হৰকুমাৰ গগৈ আৰু মোক আটক কৰি ৰাখিছিলে। কিন্তু দুয়োজনকে পৃথক পৃথক ৰূমত ৰাখিছিলে। সেই কথাটোহে আমি বুজি নাপালো। এটা কথা স্পষ্ট যিগৰাকী মহিলাই জাতিক তুচ্ছ- তাচ্ছিল্য কৰিছিলে সেইগৰাকী মহিলাক জে’ললৈ পঠিয়াব লাগিব। কোনো অনা অসমীয়া মানুহৰ গুণ্ডাৰাজ চলিলেই প্ৰত্যাক্ৰমণ হ’ব। শংকৰজ্যোতি এজন খিলঞ্জীয়া মানুহ। খিলঞ্জীয়া কাৰণে আমি মাত মাতিছো।লগতে দুলীয়াজানবাসীক ধন্যবাদ দিছোঁ। দুলীয়াজান স্তব্ধ হৈ গ’ল। হাজাৰ হাজাৰ পুলিচেও দুলীয়াজানত এখন দোকানো খোলাব নোৱাৰিলে। এয়া বীৰ লাচিত সেনাৰ বৃহৎ জয়ঃ শৃংখল চলিহা।’ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে চলিহাক মুক্তি দিয়াৰ বাবে চৰকাৰৰ ওচৰত আবেদন জনায়। প্ৰকৃত দোষীক বিচাৰি অনা উচিত, চৰকাৰে গণতান্ত্ৰিক অধিকাৰ ধ্বংস কৰি নিৰীহ লোকক টাৰ্গেট কৰা অনুচিত বুলি কয় গগৈয়ে৷