বীৰ ৰাঘৱ মৰাণ স্মৃতি দিৱস উপলক্ষে সীমিত বন্ধ ঘোষণা

উজনি অসমৰ কৃষ্টি-সংস্কৃতিৰে চহকী মৰাণ জনগোষ্ঠীৰ আবেগ তথা অসমীয়া জাতিৰ অতুল্য সাহস, বীৰত্ব, স্বদেশ প্ৰেমৰ নিদৰ্শন বীৰ ৰাঘৱ মৰাণৰ স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ ঘোষণা কৰিছে৷ মহান বীৰ সন্তানগৰাকীৰ স্মৰণাৰ্থে ৰাজ্য চৰকাৰে ১৯ নৱেম্বৰৰ দিনটোক ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে সীমিত বন্ধ (Restricted Holiday)ৰ দিন হিচাপে ঘোষণা কৰিছে৷ এই পদক্ষেপক আদৰণি জনাইছে মৰাণ জনগোষ্ঠীৰ দল-সংগঠনে৷

উল্লেখ্য যে, আহোম শাসনকালত বীৰ ৰাঘৱ মৰাণ আছিল মৰাণ জনগোষ্ঠীক নেতৃত্ব দিয়া নেতা। পিছলৈ মৰাণসকলৰ স্বাভিমানৰ প্ৰতীক হৈ পৰে। আহোম বুৰঞ্জী মতে, মৰাণসকলে আহোম ৰজাক হাতী যোগান ধৰিছিল। এবাৰ অকামিলা হাতী যোগান ধৰাৰ অভিযোগত ৰাজ বিষয়া কীৰ্তি চন্দ্ৰ বৰবৰুৱাই (গেন্ধেলা বৰুৱা) ৰাঘৱ মৰাণ আৰু নাহৰ শইকীয়াক শাৰীৰিকভাৱে অপদস্থ কৰে।

তাৰ পিছতে দুয়োজনে ঘূৰি গৈ নিজৰ মানুহৰ মাজত এই কথা ব্যক্ত কৰাত অপমানৰ পোটক তুলিবলৈ মোৱামৰীয়া মহন্তৰ শিষ্যসকলে আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহৰ পাতনি মেলে। অপমানিত সাধাৰণ প্ৰজাই ৰজাঘৰীয়া স্বৈৰাচাৰৰ বিৰুদ্ধে প্ৰথমটো মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল ১৭৬৯ খ্ৰীষ্টাব্দত।

  • Brahmaputra Times

    Related Posts

    আত্মহননৰ পথ বাছি ল’লে বিধায়ক মানৱ ডেকাৰ ভাতৃয়ে

    বিধায়ক মানৱ ডেকাৰ ভাতৃয়ে ল’লে চৰম সিদ্ধান্ত। আত্মহননৰ দৰে চৰম পন্থা বাছি ল’লে বিধায়কগৰাকীৰ ভাতৃয়ে। শনিবাৰে নিশা প্ৰায় ১১-৪৫ বজাত সংঘটিত হয় এই অনাকাঙ্খিত ঘটনা। জানিব পৰা মতে দীৰ্ঘদিন ধৰি…

    ৪ জিলাত পুনৰ ছমাহৰ বাবে আফস্পাৰ ম্যাদ বৃদ্ধি…

    ডিজিটেল ডেস্ক: ৰাজ্যৰ ৪ জিলাত বৃদ্ধি কৰা হৈছে আফস্পাৰ (AFSPA) ম্যাদ । মঙলবাৰে জাৰি কৰা এক জাননী অনুসৰি, বাংলাদেশৰ শেহতীয়া পৰিস্থিতি আৰু ইয়াৰ ফলত আভ্যন্তৰীণ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত সম্ভাৱ্য বিদ্বেষপূৰ্ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক