ভগৱানেও ক্ষমা নকৰে হিমন্ত বিশ্ব শৰ্মাক, শৰ্মা আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

ৰাজ্যৰ অৰ্থনীতি থানবান হৈ পৰা এক জটিল পৰিস্থিতিত মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি তৰুণ গগৈয়ে অসমৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱেশ সুস্থ কৰি তুলিছিল। মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈৰ দক্ষতা সন্দৰ্ভত কোনেও প্ৰশ্ন উত্থাপন কৰা নাছিল যদিও শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ নিযুক্তি সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ কেইটামান পৃষ্ঠাক কেন্দ্ৰ কৰি কংগ্ৰেছ দল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক যিদৰে সমালোচনা কৰা হৈছে সেয়া দেখি মই হতচকিত হৈ পৰিছো। মোৰ আজি এনেকুৱা লাগিছে যে ৰাজনীতি নকৰা হ’লেই ভাল আছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি পুৱাৰ ভাগত সাংবাদিকৰে হোৱা বাৰ্তালাপত এইদৰে কয়। বৰাই কয়, ৰাজনৈতিক উদ্দেশ্যেপ্ৰণোদিতভাৱে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ ৰাজ্যিক সভাপতিয়ে স্বৰ্গগামী হোৱা এজন ব্যক্তিক অহেতুক বিতৰ্কলৈ টানি আনিছে। এয়া অসমীয়া পৰম্পৰাৰ বিৰোধী আৰু ভগৱানে ইয়াৰ বিচাৰ কৰিব। অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালক আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ ক্ষেত্ৰত তিনিজন কেবিনেট মন্ত্ৰীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তাৰ ভিতৰত এজন বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু দুজন বিজেপি দলতেই আছে। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত কিন্তু তেওঁলোকৰ নাম উল্লেখ নাই। ৯০০ পৃষ্ঠাৰ এখন প্ৰতিবেদন পুংখানুপুংখ বিশ্লেষণ নকৰাকৈ এটা মাত্ৰ ৫০২ নম্বৰ পৃষ্ঠাত থকা সাক্ষীৰ কেতবোৰ ভাষ্যক লৈ অসমত এটা হৈ-চৈৰ সৃৃষ্টি কৰা হৈছে। এই সাক্ষীজনৰ কেলেংকাৰীৰ অন্যতম খলনায়ক আছিল। তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ল সেয়া উল্লেখ নাই। ৩ বছৰ পূৰ্বে দাখিল কৰা প্ৰতিবেদনখন ইমানদিন গাপ দি ৰাখি হঠাৎ নিৰ্বাচনলৈ এবছৰ থকা সময়ত গ্ৰহণ কৰি নিউজ চেনেলৰ যোগেদি এটা মাত্ৰ পৃষ্ঠা প্ৰকাশ কৰি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক বদনামী কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে। উমৰাংছুৰ কয়লা খনিত শ্ৰমিকৰ মৃত্যু হোৱা বিষয়টো তল পেলাবলৈ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ পৰ্বতসম দুৰ্নীতিৰ লগত জড়িত বুলি অভিযোগ উত্থাপন হোৱাৰ সময়তে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কয়লা ছিণ্ডিকেটৰ লগত জড়িত বুলি গম পোৱাৰ পিছত ইছ্যু ডাইভাৰ্ট কৰিবলৈ বুলি এইদৰে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন ব্যৱহাৰ কৰা হৈছে। বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ এখন তালিকা ইতিমধ্যে ৰাজহুৱা কৰি থৈছে। সেই তালিকাখন সত্য নে সেয়া অসমৰ ৰাইজে জানে। কিন্তু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পত্নী ডলী গগৈৰ নামত চাহ বাগিছা, ৰিজ’ৰ্ট, প্ৰাইভেট স্কুল, টিভি চেনেল, বাতৰি কাকত ক্ৰয় কৰিব নোৱৰা বাবে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ অপৰাধ হ’ল নেকি বুলি প্ৰশ্ন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি বৰাই কয় যে যিজন ব্যক্তিৰ আঙুলিত ধৰি হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ স্বৰ্গসুখ লাভ কৰিলে সেইজন ব্যক্তিক মৃত্যুৰ ৬ বছৰৰ পিছত বদনামী কৰাৰ বাবে ষড়যন্ত্ৰ কৰিলে। অসমৰ সংস্কৃতিত এনে ঘটনা আগতে ঘটা নাই আৰু ইয়াৰ বাবে ভগৱানেও হিমন্ত বিশ্ব শৰ্মাক ক্ষমা নকৰে বুলি তেওঁ উল্লেখ কৰে। ৰাই দুখ প্ৰকাশ কৰি কয়, যিজন তৰুণ গগৈয়ে ব্যক্তিগত স্কুল নিৰ্মাণ নকৰি ৰাজহুৱা ষ্টেডিয়াম নিৰ্মাণ কৰিলে, হাতত বন্দুক লোৱা মানুহক দেশৰ ৰাষ্ট্ৰীয় পতকাক চেল্যুট কৰিবলৈ শিকালে, ভাঙি যাবলৈ ধৰা অসমৰ অৰ্থনীতিক স্থিৰতা প্ৰদান কৰিলে, ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰিব পৰা আন্তঃগাথঁনি সৃষ্টি কৰিলে, সেইজন ব্যক্তিক নিজস্ব ৰাজনৈতিক স্বাৰ্থত মৃত্যুৰ পিছতো খেদি ফুৰাতো বেদনাদায়ক। ইয়াৰোপৰি অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰয়াত তৰুণ গগৈক দুৰ্নীতিৰ চৰ্দাৰ আছিল বুলি কৰা মন্তব্যক সমালোচনা কৰি বৰাই কয় যে, সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে যদি দুৰ্নীতিৰ চৰ্দাৰ আছিল তেন্তে সেই সময়ৰ বিজেপিৰ সভাপতি সৰ্বানন্দ সোণোৱালে কিয় গগৈৰ বিৰুদ্ধে তদন্তৰ দাবী নকৰি সেই সময়ৰ কংগ্ৰেছৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিৰ চৰ্দাৰ বুলি কিতাপ প্ৰকাশ কৰিছিল? বৰাই তাৎপৰ্যপূৰ্ণ ভাবে মন্তব্য কৰি কয় যে দিলীপ শইকীয়াই এতিয়া সৰ্বানন্দ সোণোৱালৰ বিপক্ষে কৈছে নে হিমন্তৰ শ্ৰুতলিপি মতে কৈছে সেয়া অসমৰ ৰাইজে বিচাৰ কৰিব।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে