
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে আজি ভাষণৰত অৱস্থাত মূৰ্ছা গৈ মঞ্চত ঢলি পৰাত হাহাকাৰ লাগে। কেইমিনিটমানৰ বাবে ভাষণ বন্ধ কৰি আৰাম কৰিবলগীয়া হয়৷ কিছু সময়ৰ পিছত পুনৰ ভাষণ আৰম্ভ কৰি পুনৰ বিশ্ৰাম লয়। অৱশেষত ২ মিনিটৰ বাবে ভাষণ দি উদাত্ত কণ্ঠে খাৰ্গেয়ে কয় যে মোৰ বয়স ৮৩ বছৰ৷ মই এতিয়াই নমৰো। মই মোদীক ক্ষমতাৰ পৰা আঁতৰ নকৰালৈ জীয়াই থাকিম৷ মই আপোনালোকৰ মনৰ কথা শুনিম। মই জম্মু আৰু কাশ্মীৰৰ বাবে পূৰ্ণ ৰাজ্যৰ মৰ্যাদাৰ কথা কৈয়ে থাকিম৷ প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক প্ৰশ্ন সুধি খাৰ্গেয়ে কয় যে বিজেপি আৰু মোদীৰ হাতত সম্পূৰ্ণ ক্ষমতা আছে৷ কিন্তু এতিয়ালৈকে জম্মু-কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া হোৱা নাই কিয়? জম্মু-কাশ্মীৰৰ বাবে কংগ্ৰেছৰ ইস্তাহাৰৰ কথা উল্লেখ কৰি খাৰ্গে কয় যে আমি ৰাজ্যখনৰ বাবে সাতটা প্ৰতিশ্ৰুতি দিছো। আমাৰ প্ৰথম প্ৰতিশ্ৰুতি হৈছে যে জম্মু আৰু কাশ্মীৰলৈ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰ কৰা। ভাষণত মল্লিকাৰ্জুন খাৰ্গে আৰু কয় যে কেন্দ্ৰীয় চৰকাৰে কেতিয়াও নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা নাছিল। তেওঁলোকে বিচাৰিলে প্ৰথম অৱস্থাতে এবছৰ বা দুবছৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিলেহেঁতেন। ইপিনে জম্মুৰ পৰা খাৰ্গেক ততাতৈয়াকৈ দিল্লীলৈ অনা হয়৷ দিল্লীত চিকিৎসকৰ পৰামৰ্শ লোৱা বুলি জানিব পৰা গৈছে৷ ৰাজ্যৰসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি খাৰ্গেৰ স্বাস্থ্যক লৈ চিন্তা ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰীয়ে মল্লিকাৰ্জুন খাৰ্গক ফোন কৰি স্বাস্থ্যৰ বুজ লোৱা বুলি জানিব পাৰ গৈছে৷