ডিজিটেল ডেস্কঃ চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি দেশ এৰি পলায়ন কৰাৰ পিছতে দিল্লীত আশ্ৰয় লৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। সোমবাৰে প্ৰতিবাদৰ ওচৰত নতশিৰ কৰি হাছিনাই প্ৰধানমন্ত্ৰী পদ এৰাৰ পিছতে ভগ্নী ৰেহানাৰ সৈতে ঢাকাৰ পৰা আগৰতলাত উপস্থিত হয়। তাৰ পিছতে চি-১৩০ হাৰকিউলিছ বিমানেৰে নতুন দিল্লীৰ সমীপৰ গাজিয়াবাদৰ হিন্দন বিমান ঘাটিত অৱতৰণ কৰে শ্বেখ হাছিনা।
ইফালে বাংলাদেশৰ পদত্যাগী প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দিল্লীত উপস্থিত হোৱাৰ পিছতে বাংলাদেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিক লৈ মঙলবাৰে এখন সৰ্বদলীয় বৈঠক আহ্বান জনাইছে ভাৰত চৰকাৰে।
পুৱা ১০ বজাত অনুষ্ঠিত হ’বলগীয়া সৰ্বদলীয় বৈঠকত গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুকে ধৰি কেন্দ্ৰীয় শীৰ্ষ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে।
এই বৈঠকত অংশগ্ৰহণ কৰা বিৰোধী দলৰ নেতাসকলৰ ভিতৰত আছিল লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী।
ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত শ্বেখ হাচিনাই পদৰ পৰা পদত্যাগ কৰে আৰু সোমবাৰে সন্ধিয়া চি-১৩০ হাৰকিউলিছ সামৰিক পৰিবহণ বিমানেৰে নতুন দিল্লীৰ ওচৰৰ গাজিয়াবাদৰ হিন্দন বায়ুসেনা ঘাটিত অৱতৰণ কৰে।
ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি, সোমবাৰে বাংলাদেশত সমগ্ৰ দেশতে আৰক্ষীৰ গুলীচালনা, জনসাধাৰণৰ প্ৰহাৰ, অগ্নিসংযোগৰ ফলত অশান্তিৰ সময়ত ১৩৫ জন লোকৰ মৃত্যু হয়।
সোমবাৰে দেশে ঘোষণা কৰে যে বিক্ষোভকাৰী আৰু আৱামী লীগৰ সদস্যৰ মাজত হোৱা সংঘৰ্ষত আৰক্ষীৰ গুলীচালনাত কমেও ৯৬ জন লোকৰ প্ৰাণহানি হয়।
সোমবাৰে আৰক্ষী আৰু দুষ্কৃতিকাৰীৰ মাজত সংঘাত সংঘটিত হোৱাৰ পিছত ৰাজধানীৰ উপকণ্ঠ অঞ্চলত সাৱৰ আৰু ধমৰাই অঞ্চলত কমেও ১৮ জন লোক নিহত হয়।
ঢাকা মেডিকেল কলেজ হাস্পতালৰ সূত্ৰৰ উদ্ধৃতি দি প্ৰথম আলোৱে প্ৰকাশ কৰা অনুসৰি ৫০০ লোকক গুলীৰ আঘাতকে ধৰি বিভিন্ন আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়লৈ অনা হয়। ইয়াৰে ৭০ জনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
হাছিনাই দেশ এৰি যোৱাৰ পিছত প্ৰধানমন্ত্ৰীৰ বাসগৃহ গণভবনত বহু লোক প্ৰৱেশ কৰে। বাংলাদেশৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ৰাজহুৱা ভৱনৰ পৰা বিভিন্ন সামগ্ৰী লৈ ডিকেম্প কৰা দেখা গৈছে। সংসদ ভৱনৰ ভিতৰতো ভিৰ দেখা গৈছিল আৰু সংসদ ভৱনৰ ভিতৰৰ পৰাও মানুহে বস্তু লোৱা দেখা গৈছিল।