

নিউজ ডেস্কঃ সংঘৰ্ষজৰ্জৰ মণিপুৰত পুনৰ উদ্ভৱ হৈছে ৰক্তাক্ত পৰিস্থিতিৰ। শিনিবাৰে ৰাজ্যখনৰ এগৰাকী প্ৰাক্তন বিধায়কৰ ঘৰত সংঘটিত এক বিস্ফোৰণত প্ৰাণ হেৰুৱাবলগীয়া হয় প্ৰাক্তন বিধাযকগৰাকীৰ পত্নীৰ।
জানিব পৰা মতে, শনিবাৰে বিয়লি প্ৰায় ৩ বজাত সংঘটিত হয় এই ঘটনা। প্ৰাক্তন বিধায়ক ইয়ামথং হাউকিপৰ কুকি প্ৰধান অঞ্চল কাংপোকপি জিলাৰ ই মুলাম গাঁওস্থিত বাসগৃহত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা।
উল্লেখ্য যে, ছাইকুল বিধানসভা সমষ্টিৰ বিধায়ক আছিল ইয়ামথং হাউকিপ।
ইফালে এই বিস্ফোৰণত প্ৰাক্তন বিধায়কগৰাকীৰ পত্নী চাৰুবালা হাউকিপ (৫৯)ৰ। জানিব পৰা মতে, মেইটেই জনগোষ্ঠীৰ আছিল চাৰুবালা হাউকিপ।
দেওবাৰে ছাইকুল আৰক্ষী থানাত প্ৰাক্তন বিধায়কগৰাকীয়ে দাখিল কৰা এজাহাৰত উল্লেখ কৰা অনুসৰি পত্নীয়ে ঘৰ আৰু চৌহদ চাফা কৰি থকাৰ সময়তে তেওঁৰ আৱাসিক কমপ্লেক্সৰ ভিতৰতে বিস্ফোৰণ সংঘটিত হয়।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিস্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত প্ৰাক্তন বিধায়কগৰাকীৰ পত্নীক লগে লগে কাংপকপি জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।