কৃষকৰ সাৰ ক’লা বজাৰত বিক্ৰী কৰি পাপ কৰা বিভূতি বৰাই আত্মগোপন কৰিছে৷ গোপন স্থানত আত্মগোপন কৰি আদালতৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভৰ প্ৰয়াস কৰি গৈছে বিভূতি বৰাই৷ ইতিমধ্যে গুৱাহাটীৰ এজন অধিবক্তাৰ সৈতে যোগাযোগ কৰা বুলি জানিব পৰা গৈছে৷ বিভূতি বৰাৰ বিৰুদ্ধে ইউৰিয়া সাৰৰ চোৰাং বেহা চলোৱাৰ অভিযোগ উঠি আহিছিল৷ কৃষকৰ বাবে চৰকাৰে যোগান ধৰা সাৰ বৰাই এম এছ বৰা ফাৰ্টিলাইজাৰৰ দ্বাৰা ক’লা বজাৰত বিক্ৰী কৰিছিল৷ একাংশ বিষয়াৰ জৰিয়তে নিজ গুদামত চৰকাৰী সাৰ মজুত কৰি ক’লা বজাৰত বিক্ৰী কৰিছিল বিভূতি বৰাই৷ এই অভিযোগৰ মাজতে বিভূতি বৰা আৰু তেওঁৰ পত্নী ৰঞ্জুমণি বৰাৰ প্ৰতিষ্ঠানত মৰিগাওঁ আৰু নগাঁও আৰক্ষীয়ে অভিযান চলাই। অভিযানত এম এছ বৰা ফাৰ্টিলাইজাৰৰ ব্যাপক দুৰ্নীতি পোহৰলৈ আহে। নগাওঁ জিলা কৃষি বিষয়া ৰঞ্জন ডেকাৰ উপস্থিতিত এম এছ বৰা ফাৰ্টিলাইজাৰৰ দুটা গুদাম ছীল কৰা হয়। গুদামত ৰাজ সাহায্যযুক্ত শ-শ সাৰ ভৰ্তি বস্তা উদ্ধাৰ হয়৷
মধ্য অসমত কৃষি বিভাগৰ একাংশ বিষয়াৰ ছত্ৰছায়াত সাৰৰ ক’লা বজাৰ চলাইছে বৰা ফাৰ্টিলাইজাৰে৷ বগা ইউৰিয়াৰে পকেট গৰম কৰিছে মন্ত্ৰী-বিধায়ক, বিষয়া-আমোলাই৷ কৃষি বিভাগৰ যোগানিয়াৰ পঞ্জীয়নপ্ৰাপ্ত বৰা ফাৰ্টিলাইজাৰে আৰু প্ৰভা ফাৰ্টিলাইজাৰে নিয়ন্ত্ৰণত কৰে মধ্য অসমৰ সাৰৰ ক’লা বজাৰ৷ এই চিণ্ডিকেটত নাম সাঙোৰ খোৱা বিভূতি বৰা আৰু পত্নী ৰঞ্জুমণি বৰাই ঘটিছে কোটি কোটি টকা৷ মধ্য অসমৰ বৃহৎ সাৰৰ ক’লা বজাৰৰ নেতৃত্ব দিয়া বিভূতি বৰাই বছৰ বছৰ ধৰি সাৰৰ কলা সম্ৰাজ্য চলাই গৈছে৷ এই ক’লা ব্যৱসায়ত কোন কোন কৃষি বিষয়া জৰিত সেয়া নিশ্চিত৷ এতিয়া প্ৰশ্ন হৈছে৷ কৃষকক যোগান ধৰা হাজাৰ হাজাৰ কুইণ্টল সাৰ বৰা ফাৰ্টিলাইজাৰ আৰু প্ৰভা ফাৰ্টিলাইজাৰৰ গুদামত ৰখা হৈছিল কিয়? বিভাগৰ অনুমতি আৰু লাইচেন্স নথকা গুদামত কিয় ৰখা হৈছিল কৃষকৰ সাৰ? এই প্ৰশ্নৰ উত্তৰ দিব পাৰিব কৃষি মন্ত্ৰী অতুল বৰাই৷