মনীষ ছিছ’দিয়াৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ৰায় সুৰক্ষিত ৰাখিলে উচ্চতম ন্যায়ালয়ে

ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰা নীতি কেলেংকাৰীত গ্ৰেপ্তাৰ হৈ বৰ্তমানো কাৰাবন্দী হৈ থকা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা মনীষ ছিছ’দিয়াৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি মঙলবাৰে নিজৰ সিদ্ধান্ত সুৰক্ষিত ৰাখে উচ্চতম ন্যায়ালয়ে। শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে ইডি আৰু চিবিআইক কয় যে “আপোনালোকে প্ৰতিটো জামিন গোচৰতে কয় যে প্ৰমাণৰ সৈতে হেতালি খেলিব পাৰে।” ন্যায়াধীশ বি আৰ গাভাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে ছিছ’দিয়াক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা অভিষেক সিংভি আৰু কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চি বি আই) আৰু বলবৎকাৰী সঞ্চালকালয় (ই ডি)ৰ হৈ হাজিৰ হোৱা অতিৰিক্ত চলিচিটৰ জেনেৰেল এছ ভি ৰাজুৰ যুক্তি শুনে।

দিল্লী আবকাৰী নীতি প্ৰণয়ন আৰু ৰূপায়ণৰ ক্ষেত্ৰত অনিয়মৰ সৈতে জড়িত থকাৰ অভিযোগত চিবিআইয়ে ২০২৩ চনৰ ২৬ ফেব্ৰুৱাৰীত ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল। ইডিয়ে ২০২৩ চনৰ ৯ মাৰ্চত চিবিআইৰ এফআইআৰৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল। ২০২৩ চনৰ ২৮ ফেব্ৰুৱাৰীত দিল্লী কেবিনেটৰ পৰা পদত্যাগ কৰিছিল ছিছ’দিয়াই।

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী ছিছ’দিয়াই জামিন বিচাৰি থকাৰ সময়তে যুক্তি দিছে যে তেওঁক ১৭ মাহ ধৰি জিম্মাত ৰখা হৈছে আৰু তেওঁৰ বিৰুদ্ধে গোচৰৰ শুনানি এতিয়াও আৰম্ভ হোৱা নাই।

উচ্চতম ন্যায়ালয়ে জামিন আৱেদনৰ শুনানি সমাপ্ত কৰিছে। দুয়োপক্ষৰ মতামত শুনানি গ্ৰহণ কৰিছে আদালতে। এতিয়া উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত ল’ব মনীষ ছিছ’দিয়াক চিবিআই আৰু ইডি গোচৰত জামিন দিয়া হ’ব নে নহয়।

  • Brahmaputra Times

    Related Posts

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    ডিজিটেল ডেস্কঃ ভাৰতৰ যদি এখন স্বৰ্গ আছে, সেই স্বৰ্গৰ আত্মাটো আছে মেঘালয়ত- মেঘালয়ৰ মাওডিয়াংডিয়াঙত মেঘালয় স্কিল এণ্ড ইনভেচন হাবৰ আধাৰশিলা স্থাপন কৰি এইদৰে কয় দেশৰ উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে। উল্লেখ কৰা…

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    ডিজিটেল ডেস্কঃ   কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ