গুৱাহাটীঃ সোমবাৰে এজাক বৰষুণে বুৰাই থোৱা মহানগৰীৰ কৃত্ৰিম বান পৰিস্থিতি আৰু প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী পৌৰ নিগম এলেকাৰ অন্তৰ্গত সকলো ব্যক্তিগত আৰু চৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।
গুৱাহাটীত সৃষ্ট কৃত্ৰিম বান পৰিস্থিতিৰ বাবেই মঙলবাৰৰ দিনটোত শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধৰ নিৰ্দেশ জাৰি কৰে কামৰূপ মহানগৰ জিলা আয়ুক্তই।
উল্লেখ্য যে, সোমবাৰে বিয়লিৰ ভাগৰ পৰা দিয়া নেৰানেপেৰা বৰষুণৰ পিছতে গুৱাহাটীৰ হাতীগাঁও, চানমাৰি, গণেশগুৰি আদিৰ দৰে গুৰুত্বপূৰ্ণ অঞ্চলসমূহ কৃত্ৰিম বানত বুৰ যায়। ৰাজপথৰ ওপৰত ঠায়ে ঠায়ে এবুকু আৰু ঠায়ে ঠায়ে একঁকাল পৰ্যন্ত পানী জমা হোৱাত পথৰ ওপৰতে পণবন্দী হৈ পৰে মহানগৰবাসী।
ইফালে এই ভয়াবহ পৰিস্থিতি পথৰ ওপৰতে বিকল হৈ পৰে বহু দুচকীয়া, চাৰিচকীয়া বাহন। লক্ষণীয় যে, মহানগৰীৰ কৃত্ৰিম বান পৰিস্থিতি মঙলবাৰৰ দিনটোতে অপৰিৱৰ্তিত হৈ আছে।