মহাসপ্তমীত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উছাহৰ ঢল

আজি মহাসপ্তমী৷ মহা সপ্তমীৰ পূজা চাবলৈ পেণ্ডেলে পেণ্ডেলে ভক্তসকলে আৰাধনা কৰা দেখা গৈছে৷ পুৱা ৯ বাজি ১২ মিনিট ৪২ ছেকেণ্ডৰ পৰা দেৱীৰ নৱপত্ৰিকা স্থাপন, সপ্তমদী, কল্পাৰম্ভ আৰু মহা সপ্তমীবিহিত পূজা আৰম্ভ হয়৷ পুৱাই নদীঘাটত নৱপত্ৰিকা ধোৱাই মাতৃস্বৰূপা, শক্তিদাত্ৰী, দেৱী দশভূজাক আৰাধনাৰ পৰ্ব আৰম্ভ হয়৷ আজি সমগ্ৰ দিনটো কালৰাত্ৰি ৰূপত দেৱীক ভক্তই পূজা কৰিছে৷ মহাসপ্তমীত দেৱীক আৰাধনা কৰিলে অশুভ শক্তি নাইকীয়া হোৱা বুলি কোৱা হয়৷ ইপিনে মহানগৰীৰ মা কামাখ্যাত ঘট পূজা কৰা হয়৷ কামাখ্যাত ঘট পূজাৰ লগতে মহ বলি দিয়া হয়৷ এইবেলি কামাখ্যা মন্দিৰৰ তৰফৰ সাতটা মহ আৰু ভক্তই আগবঢ়োৱা জন্তু বলি দিয়া হয়৷ গুৱাহাটীৰ উগ্ৰতাৰা দেৱালয়ত হাঁহ, পাৰ, ছাগলী, কোমোৰা আদি বলি দিয়া হয়৷ নৱমীৰ দিনা উগ্ৰতাৰা দেৱালয়ত ৭টা মহ বলি দিয়া হ’ব৷ নলবাৰী জিলাৰ শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয়ত দেৱীৰ চৰণত প্ৰদান কৰা হাঁহ, পাৰ, ছাগলী, কোমোৰা বলি দিয়া হয়৷ দুৰ্গা দেৱীৰ নৱপত্ৰিকা প্ৰবেশথাৰ সপ্তমাদি কল্পৰামভাত মহাসপ্তমী চলে। পুৱাৰে পৰা পেণ্ডেলত দেৱী-দৰ্শন, দেৱীৰ চৰণত ভক্তসকলক অঞ্জলী আগবঢ়োৱা আৰু মহাপ্ৰসাদ লোৱা পৰ্ব চলিছে। পুৱাই নৱপত্ৰিকা স্নানৰ পিছত হিন্দু ধৰ্মৰ ৰীতি-নীতি অনুসৰণ কৰি মণ্ডপত মহাসপ্তমীৰ পূজা আৰম্ভ হয়। দুৰ্গা মূৰ্তিৰ সন্মুখত মংগল ঘাট, চাকি, ধুনুচিৰ লগতে ফুল, দুৰ্বা, বেলপাত, চন্দন ছটিওৱা হৈছে৷ পূজা মণ্ডপৰ চাৰিওফালে জপ, শংখ, উলুধৱানী, ধূপৰ গোন্ধেৰে পেণ্ডেলবোৰ আমোল মোলাইছে৷ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, মংগল ধ্বনি, শংখ, ঢাক-ঢোলৰ ধ্বনিয়ে আকাশ ৰজনজনাই গৈছে৷ সৰ্বভূতৰ মাতৃস্বৰূপা, শক্তিদাত্ৰী, দেৱী দশভূজাৰ পৱিত্ৰ পূজা মণ্ডপত মহাঅষ্টমী, মহানৱমী আৰু বিজয়া দশমীৰ প্ৰস্তুতি চলাই থকা হৈছে৷

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক