মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

কাইলৈ মহাৰাষ্ট্ৰৰ ২৮৮খন আসন আৰু ঝাৰখণ্ডৰ ৩৮ খন আসনত দ্বিতীয় পৰ্যায়ৰ ভোচগ্ৰহণ অনুষ্ঠিত হ’ব৷ দেশৰ দ্বিতীয় বৃহত্তম ৰাজ্যৰ মহাৰাষ্ট্ৰৰ ২৮৮ টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ঝাৰখণ্ডৰ ৮১ খন বিধানসভা আসনৰ ৩৮ খনত দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ভোটগণনা ২৩ নৱেম্বৰত হ’ব। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ৯.৭ কোটিতকৈও অধিক। জনগণে ৰাজ্যখনৰ ৪,১৩৬ জন প্ৰাৰ্থীৰ বিজয় বা পৰাজয়ৰ সিদ্ধান্ত ল’ব।

মূল প্ৰতিদ্বন্দিতা হৈছে বিজেপি-শিৱসেনা (একনাথ শিন্দে)-এনচিপি (অজিত) মিত্ৰজোঁটৰ মহায়ুতি’ আৰু কংগ্ৰেছ-শিৱসেনা (ইউবিটি)-এনচিপি (শৰদ) মহা বিকাশ অঘাড়ীৰ মাজত। ৰাজ ঠাকৰেৰ মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা (এমএনএছ), বাবাচাহেব আম্বেদকাৰৰ পুত্ৰ তথা প্ৰাক্তন সাংসদ প্ৰকাশ আম্বেদকাৰৰ ‘বঞ্চিত বহুজন আঘাদী’ (ভিবিএ), হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱাইচিৰ অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিন (এআইএমআইএম) নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

মুখ্যমন্ত্ৰী আৰু শিৱসেনাৰ মুৰব্বী একনাথ চিন্দে (কোপৰি-পাচপাখৰী), দুজন উপ মুখ্যমন্ত্ৰী, এনচিপিৰ অজিত পাৱাৰ (বাৰামতী) আৰু বিজেপিৰ দেৱেন্দ্ৰ ফাডনাভিছ (নাগপুৰ দক্ষিণ-পশ্চিম), বিৰোধী মিত্ৰজোঁটৰ শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেৰ পুত্ৰ আদিত্য (ৱৰ্লি), প্ৰদেশ কংগ্ৰেছৰ সভাপতি নানা পাটোলে (চাকলি) আৰু শৰদ পাৱাৰ নেতৃত্বাধীন এনচিপি বিধায়িনী দলৰ নেতা জীতেন্দ্ৰ আৱাদ (মুমব্ৰা-কালৱা) সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে৷

ঝাৰখণ্ডৰ ৮১ খন বিধানসভা আসনৰ ভিতৰত ৪৩ খন আসনত ১৩ নৱেম্বৰত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে। বাকী ৩৮ সমষ্টিত কালৈ ভোট হ’ব। ২০১৯ ৰ বিধানসভা নিৰ্বাচনত, জেএনএম-চি-আৰজেডি-আৰজেডিৰ ‘মহাগঠবন্ধন’-এ প্ৰায় ৩৫.৫ শতাংশ ভোটৰ অংশৰ সৈতে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। এইবাৰ, তিনিটা দলে একেলগে যুঁজ দিছে। বাওঁপন্থী দল চিপিআইএমএল (লিবাৰেচন)ত যোগদান কৰিছে।

ঝাৰখণ্ড শাসকীয় মিত্ৰজোঁট আৰু বিজেপি নেতৃত্বাধীন এনডিএৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব। বিজেপিয়ে প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুদেশ মাহটোৰ অল ঝাৰখণ্ড ষ্টুডেণ্টছ ইউনিয়নৰ (এজেএছইউ) সৈতে মিত্ৰতা গঢ়ি তুলিছে। নীতিশ কুমাৰৰ জেডি(ইউ) আৰু কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানৰ এলজেপি (ৰাম বিলাস)ও নিৰ্বাচনত অৱতীৰ্ণ হৈছে। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মুখ্যমন্ত্ৰী হেমন্ত সোৰেন (বৰহেত), তেওঁৰ পত্নী কল্পনা (গাণ্ডে), ভাতৃ বসন্ত (দুমকা) গুৰুত্বপূৰ্ণ প্ৰাৰ্থীসকলৰ ভিতৰত আছে। ৰাজ্যিক দলৰ সভাপতি বাবুলাল মাৰাণ্ডী (ধনৱাৰ) আৰু জেএমএমৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বিজেপি নেতা হেমন্তৰ ভগ্নী সীতা (জামতাৰা) বিজেপিৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

২০১৯ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু অবিভক্ত শিৱসেনা মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল৷ কিন্তু নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰীপদক লৈ উদ্ধৱ আৰু বিজেপিৰ শিবিৰৰ মাজৰ সংঘাত লাগে৷

প্ৰথমে বিজেপিৰ দেৱেন্দ্ৰ ফাডনাভিছে অজিত পাৱাৰৰ সমৰ্থনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। অজিত উপ-মুখ্যমন্ত্ৰী হৈছিল। কিন্তু সেই সময়ত এনচিপি বিধায়িনী দলক বিভাজন কৰাত ব্যৰ্থ হোৱাত তেওঁলোক দুয়োজনে পদত্যাগ কৰিব লগা হৈছিল। ইয়াৰ পিছত, অজিতে পুনৰ শৰদৰ শিবিৰত আশ্ৰয় লয়। তেওঁক শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেৰ নেতৃত্বত মহা বিকাশ আগদী মিত্ৰজোঁট চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী কৰা হৈছিল।

কিন্তু ২০২২ চনৰ জুন মাহত একনাথ চিন্দেৰ নেতৃত্বত শিৱসেনা বিভাজিত হোৱাৰ ফলত মহা বিকাশ অঘাড়ীৰ চৰকাৰৰ পতন ঘটে। শিন্দে বিজেপিৰ সমৰ্থনত মুখ্যমন্ত্ৰী হয়। ২ জুলাই, ২০২৩ত অজিতে শৰদ যাদৱক এৰি এনচিপিৰ বেছিভাগ বিধায়কৰ সৈতে পুনৰ বিদ্ৰোহ কৰে। তেওঁ শিন্দেৰ নেতৃত্বত ‘মহায়ুতী’ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰীও হয়। অৱশ্যে, ছয় মাহ পূৰ্বে লোকসভা নিৰ্বাচনত ইণ্ডিয়া জোটে মহাৰাষ্ট্ৰত এনডিএক পৰাজিত কৰিছিল। ৰাজ্যখনৰ ৪৮ খন আসনৰ ভিতৰত বিৰোধী মিত্ৰজোঁটে ৩০ খন আসন (কংগ্ৰেছে ১৩খন, উদ্ধৱ সেনাই ৯খন আৰু এনচিপিয়ে ৮খন) জয়লাভ কৰে। ইয়াৰ উপৰিও, চাংলি আসনত জয়ী হোৱা নিৰ্দলীয় প্ৰাৰ্থীয়ে ইতিমধ্যে কংগ্ৰেছ শিবিৰত যোগদান কৰিছে।

ইপিনে আজি বিজেপিৰ প্ৰাক্তন মন্ত্ৰী বিনোদ টাউড়েয়ে ভোটাৰৰ মাজত বিলাবলৈ কোটি কোটি টকাৰ লেনদেন কৰা বুলি বিৰোধী মিত্ৰজোঁটৰ সমৰ্থকে বিস্ফোৰক অভিযোগ অনাত উত্তপ্ত হৈ পৰিছে মহাৰাষ্ট্ৰৰ প্ৰাক নিৰ্বাচনী ৰাজনৈতিক পৰিৱেশ। বঞ্চিত বিকাশ আকাড়ীৰ মুৰব্বী হিতেন্দ্ৰ ঠাকুৰে পালঘৰ জিলাৰ বেৰাস্থিত বিজেপি নেতাৰ হোটেলত ধন বিতৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। বিনোদ টাউড়েৰ বিৰুদ্ধে ধন বিতৰণৰ অভিযোগ অনাত হোটেলত একাংশ লোকে প্ৰৱেশ কৰি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ পাঁচ কোটি টকা উদ্ধাৰ কৰা বুলি দাবী কৰা হৈছে। তাৰ লগতে এখন ডায়েৰীও উদ্ধাৰ হয়। সেই ডায়েৰীখনত লিখা আছিল যে তেওঁ নিৰ্বাচনৰ সময়ত বিতৰণৰ বাবে মুঠ ১৫ কোটি টকা আনিছিল। আৰক্ষীয়ে ৯ লাখ টকা উদ্ধাৰ কৰাৰ কথা প্ৰকাশ কৰিছে৷

  • Brahmaputra Times

    Related Posts

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    বিগত সপ্তাহত সন্দেহজনক কুকি উগ্ৰপন্থীয়ে ৬ গৰাকী লোকক হত্যা কৰিছিল। সেই ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    ২০ নবেম্বৰ ২০২৪ত অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন। পুৱা ৭-০০ বজাৰ পৰা সন্ধিয়া ৬-০০ বজালৈকে চলিব ভোটগ্ৰহণ। ৰাজ্যখনত ২৮৮খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন। ইয়াৰে ২৯খন আসন অনুসূচিত জাতিৰ বাবে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা