মুখ্যমন্ত্ৰীয়ে জিন্নাৰ দৰে ৰাজনীতি কৰিছে, অসমত মণিপুৰৰ দৰে হিংসাত্মক পৰিৱেশ হ’বলৈ নিদিওঃ গৌৰৱ গগৈ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰভাৱে আক্ৰমণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আজি ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদ-মেলত একাধিক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ মুখ্যমন্ত্ৰীগৰাকীক পাকিস্তানৰ স্থপতি মহম্মদ আলী জিন্নাৰ সৈতে তুলনা কৰি কয় — “নিজৰ চৰকাৰৰ বিফলতা ঢাকিবলৈ তেওঁ জিন্নাৰ দৰে সাম্প্ৰদায়িক ৰাজনীতিৰে অশান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে।”

“অসমত মণিপুৰৰ দৰে পৰিৱেশ হ’ব নিদিও”

গগৈয়ে কয়, “বিজেপি আৰু তেওঁলোকৰ সহযোগী কিছু সংগঠনে মণিপুৰৰ দৰে সাম্প্ৰদায়িক সংঘৰ্ষ অসমতও ঘটাই দিবলৈ চেষ্টা কৰিছে, কিন্তু আমি অসমবাসীয়ে সেই ষড়যন্ত্ৰ সফল হ’বলৈ নিদিও।”

তেওঁ স্পষ্টভাৱে উল্লেখ কৰে — “নির্বাচন আহি আছে, তাই মুখ্যমন্ত্ৰীয়ে বিফলতা ঢাকিবলৈ সাম্প্ৰদায়িক ৰণনীতি গ্ৰহণ কৰিছে। বিজেপিৰ ভিতৰত কিছু ‘ক্ৰিমিনেল মাইণ্ড’ থকা লোক এই ষড়যন্ত্ৰত জড়িত।”

গোমাংস উদ্ধাৰৰ ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া

লখিমপুৰত সাম্প্ৰতিক গোমাংস উদ্ধাৰৰ ঘটনাৰ সন্দৰ্ভত গগৈয়ে কয় — “এই আইডিয়াটো তেওঁলোকক কোনে দিলে? ধৰা পৰা সকলোৰে ওপৰত নিরপেক্ষ তদন্ত হ’ব লাগে।” কংগ্ৰেছ দল ধর্ম আৰু জাতিৰ ভিত্তিত মানুহৰ মাজত বিভাজন নকৰে বুলিও তেওঁ স্পষ্ট কৰে।

“গাড়ীত কোন বহে নহয়, গেছ লীক কেতিয়া বন্ধ হ’ব সেয়া জনাও”

মুখ্যমন্ত্ৰীৰ “গৌৰৱ গগৈৰ গাড়ীত ভাইৰাছ আছে” বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত গগৈয়ে কটাক্ষ কৰি কয় — “গাড়ীত কোন বহে তাৰ ওপৰত নহয়, ৰাইজে জানিব বিচাৰে যে শিৱসাগৰৰ অ’এনজিচিৰ গেছ লীক কেতিয়া বন্ধ হ’ব।” লগতে তেওঁ কয় — “মুখ্যমন্ত্ৰীৰ ঘৰতো কংগ্ৰেছৰ লোক আছে, তাই তেওঁ যি ক’ব লাগে সেইবোৰ খবৰ মোক আগেয়ে পোৱাই যায়।”

তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বানৰ সময়ত “পুখুৰী খন্দা” মন্তব্যৰ উল্লেখ কৰি কয় — “সেই পুখুৰী ক’ত? মুখ্যমন্ত্ৰীয়ে ক’ত মাটি দান দিলে? উলটে বড়ো, ৰাভা, কাৰ্বি, ডিমাছাসকলৰ মাটি হস্তান্তৰ কৰিছে।”

বংশবাদ বিতর্ক আৰু বিজেপিৰ ‘চিনেমা ষড়যন্ত্ৰ’

কংগ্ৰেছৰ নতুন কমিটিক লৈ একাংশ সংবাদ মাধ্যমে দিয়া “বংশবাদ” সন্দৰ্ভত মন্তব্য প্ৰত্যাখ্যান কৰি গগৈয়ে কয় — “যদি কংগ্ৰেছত বংশবাদ থাকে, তেন্তে প্ৰফুল্ল দাস যেন এক স্বচ্ছ, ৰাজনীতিত নতুন মুখ কেনেকৈ ছ’চিয়েল মিডিয়াৰ অধ্যক্ষ হ’ল?” তেওঁ লগতে কয় — “প্ৰতীক বৰদলৈ ছ’চিয়েল মিডিয়াৰ এক প্ৰতিভাশালী যুৱক, সেইকাৰণে তেওঁক সহ-অধ্যক্ষ কৰা হৈছে।”

তেওঁ ৰসিকতা কৰি মন্তব্য কৰে — “বিজেপিয়ে মোক লৈ দুদিনৰ ভিতৰত ভুৱা চিনেমা বনাব বুলি খবৰ পাইছো। মই শুনিছো, মোৰ চেহেৰা লগাই কিবা এআই চিনেমা বনাব। এইবোৰ এআইৰ যুগ, তাই আমাৰ দলেো টেকনলজি জানে, আমি তাৰ প্ৰস্তুতি লৈছো।”

নতুন কংগ্ৰেছৰ যাত্ৰা আৰু ভোটৰ ৰণনীতি

সংবাদ-মেলত গগৈয়ে সদৰী কৰে যে তেওঁ সভাপতি পদত বহি যি নতুন পৰ্যবেক্ষকসকলক নিযুক্তি দিছিল, তেওঁলোকৰ দাখিল কৰা প্ৰতিবেদনসমূহৰ ওপৰত দিনটো জুৰি আলোচনা চলিব। সেই ভিত্তিতেই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সৈতে আলোচনা কৰি অসম বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰা হ’ব।

  • Related Posts

    মুখ্যমন্ত্ৰীৰ পত্নীক অনুসৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ, দুগ্ধ পালনৰ নামত ৫০ লাখ টকাৰ ৰাজসাহায্য

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ পদাংক অনুসৰণ কৰাৰ প্ৰতিযোগিতাত এইবাৰ স্থান লাভ কৰিছে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই। একমাত্ৰ মন্ত্ৰী পত্নী হোৱাৰ…

    অসমত গোমাংসৰ ওপৰত নিয়ন্ত্ৰণ, ৫ হাজাৰ বিদেশী ফেচবুক একাউণ্ট সক্ৰিয়: মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ

    মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসম সচিবালয়ত অনুষ্ঠিত এখন সংবাদ-মেলত ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশক লক্ষ্য কৰি চলোৱা এক গুপ্ত আঁচনিৰ সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয়, ইছলামিক দেশসমূহৰ পৰা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ