এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে চামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন পৰাজিত হোৱাত দুখ প্ৰকাশ কৰিছে৷ অখিল গগৈৰ বিৰুদ্ধেও আক্ৰমণাত্মক হয় বদৰুদ্দিন আজমল৷ অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কাম কৰি সংখ্যালঘূ ভোট বিভাজন কৰিবলৈ কাম কৰি থকা বুলি গুৰুতৰ অভিযোগ আনিছে আজমলে৷ আজমলে কয় যে মই বৰ দুখ পাইছে৷ চামগুৰি সমষ্টিটো মই মোৰ ভতিজাৰ বাবে এৰি দিছিলো৷ কিন্তু কংগ্ৰেছে ধৰি ৰাখিব নোৱাৰিলে৷ তাৰ বাবে মই দুখী৷ মুছলমানক কংগ্ৰেছে ধৰি ৰাখিব পৰা নাই৷ মুছলমানৰ মাজত কংগ্ৰেছৰ প্ৰভাৱ কমিছে৷ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক লগাই দিছে মুছলমানৰ ভোট ল’বলৈ৷ ২০২৬ চনত যদি বিজেপিয়ে মুছলমানৰ ভোট ধৰি ৰাখিবলৈ সক্ষম হয়, তেন্তে কংগ্ৰেছৰ ভৱিষ্যত অন্ধকাৰ৷ মৰম সন্মান পালে মুছলমান বিজেপিলৈ যাবই৷ অখিল গগৈয়ে ১২৬ খন আসনত খেলাৰ কথা কৈ আছে৷ অখিল গগৈয়ে এআইইউডিএফৰ স্থান ল’বলৈ প্ৰয়াস কৰি আছে৷ মুখ্যমন্ত্ৰীয়ে অখিলক সেই ঠাই ল’বলৈ কৈ আছে৷ এতিয়া আমি শুই আছো৷ কিন্তু টাইগাৰ অভি জিন্দা হ্যে৷ যেতিয়া সাৰ পাব তেতিয়া ধৰি খাই পেলাব বুলি মন্তব্য কৰে আজমলে৷
দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…
সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা এখন চলচ্চিত্ৰ ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত চলচ্চিত্ৰখনৰ প্ৰতি দৰ্শকে ব্যাপক সহাৰি আগবঢ়াইছে ৷অলপতে সংসদ ভৱনত এক বিশেষ প্ৰদৰ্শনীত বহুচৰ্চিত দ্য সাবৰমতী ৰিপ’ৰ্ট ছবিখন উপভোগ…