মূল্যবৃদ্ধিত অতিষ্ঠ অসমবাসী, গণেশগুৰিত আপৰ উত্তাল প্ৰতিবাদ

আম আদমী পাৰ্টীৰ ভাতৃ সংগঠন যুৱ শক্তিয়ে আকাশলংঘী মূল্যবদ্ধিৰ বিৰুদ্ধে মহানগৰী গণেশগুৰিত আজি প্ৰতিবাদ সাব্যস্ত কৰে৷ বেনাৰ-পোষ্টাৰ হাতত লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে আপৰ নেতা-কৰ্মীয়ে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ গণেশগুৰিত সমৱেত হৈ আপৰ কেইবা শতাধিক নেতা-কৰ্মীয়ে সচিবালয় অভিমুখে যাত্ৰা কৰাবলৈ উদ্যয় হয় যদিও আৰক্ষী বাধা দিয়ে৷ সেই সময়তে আৰক্ষীৰে হতা-হতি লাগে আপৰ নেত-কৰ্মী৷ আৰক্ষীয়ে বেনাৰ-পোষ্টাৰ কাঢ়ি নিব খোজাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আপৰ নেতা-কৰ্মীক উৰণীয়া সেঁতুৰ তলত আৱদ্ধ কৰে। মূল্যবৃদ্ধি ৰোধ কৰক, স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰক, ঔষধৰ দাম বৃদ্ধি প্ৰত্যাহাৰ কৰি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে। আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ উপস্থিতিত প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ ৰাইজ মূল্যবৃদ্ধিত অতিষ্ঠ হোৱা বুলি কৈ ৰাজ্য চৰকাৰ মূল্যবৃদ্ধি ৰোধত বিফল হোৱা বুলি অভিযোগ আনে৷ জীৱন দায়িনী ঔষধ, শাক-পাচলি মানুহে কিনি খাব নোৱৰাৰ সময়তে স্মাৰ্ট মিটাৰে সাধাৰণ মানুহক মাধমাৰ শোধোৱা বুলি অভিযোগ আনে ধানোৱাৰে৷ মনোজ ধানোৱাৰৰ কয় যে সামগ্ৰীৰ দাম বৃদ্ধিয়ে ৰাইজ অতিষ্ঠ৷ বিজেপি চৰকাৰে ৰাইজৰ কোনো সমস্যা সমাধান কৰিব পৰা নাই। চৰকাৰী হাস্পতালৰ মাচুল, জীৱন দায়িনী ঔষধৰ আকাশলংঘী মূল্যবৃদ্ধিত ৰোগীসকলে চিকিৎসা সেৱা গ্ৰহণ কৰিব পৰা নাই। শীঘ্ৰে আদানী গোটৰ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰি পূৰ্বৰ মিটাৰ লগোৱাৰ দাবী জনায়।

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে