
পাঠশালাঃ বজালী আৰু বাকসাৰ পৰা ভাৰত ভ্ৰমণলৈ যোৱা ৪৯ গৰাকী তীৰ্থযাত্ৰী দ্বাৰকা ৰেল ষ্টেচনৰ সমীপৰ ভাৰত সেৱাশ্ৰম সংঘত আবদ্ধ হৈ এতিয়া মহা সংকটত পৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বজালীত৷ জানিব পৰা অনুসৰি যোৱা ২৩ ছেপ্টেম্বৰত বজালী আৰু বাকসা জিলাৰ তীৰ্থযাত্ৰীৰ দলটোৱে ৰঙিয়াৰ পৰা ৰেল যোগে গুজৰাটৰ দ্বাৰকালৈ গৈছিল। দ্বাৰকাৰ বিভিন্ন ঠাই দৰ্শন কৰাৰ মাজতে হঠাতে তীৰ্থযাত্ৰীসকলৰ কেবাগৰাকীও অসুস্থ হৈ পৰাত দ্বাৰকা ৰেল ষ্টেচনৰ সমীপৰ ভাৰত সেৱাশ্ৰম সংঘত আবদ্ধ হৈ পৰে তীৰ্থযাত্ৰী সকল৷ আবদ্ধ হৈ পৰা তীৰ্থযাত্ৰীসকলৰ ভিতৰত কালি আকস্মিকভাবে ১২ গৰাকী লোক ডায়েৰিয়াত আক্ৰান্ত অসুস্থ হৈ পৰাৰ উপৰি এগৰাকীৰ মৃত্যু ঘটে৷ মৃত্যু ঘটা তীৰ্থ যাত্ৰীগৰাকী বজালী জিলাৰ মানিকপুৰৰ সমীপৰ চৈবাৰীৰ উদ্ধৱ দাস বুলি জানিব পৰা গৈছে৷ এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে বিশেষ তৎপৰতা গ্ৰহণ কৰি কয় যে অসুস্থ তীৰ্থযাত্ৰীসকল ডায়েৰীয়াত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে৷ মন্ত্ৰী দাসে কয় যে আক্ৰান্তসকল আশ্ৰমত আছিল যদিও তেওঁলোকৰ সতে আৰু গুজৰাটৰ স্থানীয় প্ৰশাসনৰ সতে যোগাযোগ কৰাৰ পিছতে ৯ গৰাকী ব্যক্তিক জামনগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিবলৈ দি তেওঁলোকৰ ভিতৰত বাকসা জিলাৰ চৰাইমাৰী অঞ্চলৰ হীৰেণ কলিতা নামৰ ব্যক্তিগৰাকীক চিকিৎসা কৰি থকা হৈছে আৰু বাকীসকল শংকামুক্ত বুলি জানিবলৈ দিয়ে৷ মন্ত্ৰী দাসে চিকিৎসাৰ অন্তত বজালী জিলাৰ পিপলাৰ অলকা কলিতা, পুঠিমাৰীৰ কুসুমী তালুকদাৰ আৰু বাকসা জিলাৰ সুবনশ্ৰীৰ অঞ্জনা ডেকাৰ লগতে বাকসা জিলাৰ চৰাইমাৰীৰ ক্ৰমে মে নীলিমা ডেকা, লাৱণ্য দাস, হীৰেণ দাস আৰু প্ৰেমদা কলিতা সুস্থ অৱস্থাত থকা বুলি মন্ত্ৰী দাসে আজি পাঠশালাত সদৰী কৰে৷ আনহাতে চৈবাৰী অঞ্চলৰ উদ্ধৱ দাস নামৰ ব্যক্তি গৰাকীৰ ইতিমধ্যে মৃত্যু হোৱাৰ কথা ব্যক্ত কৰি মন্ত্ৰী দাসে তেওঁৰ নশ্বৰ দেহ বিমান যোগে অনাৰ বাবে যোগাযোগ কৰা হৈছে বুলি জানিবলৈ দি কয় যে মন্ত্ৰী দাসে দ্বাৰকা আৰক্ষী চকীৰ পৰিদৰ্শকৰ সৈতে আলোচনা কৰি অসুস্থসকলক চিকিৎসা সেৱা অব্যাহত ৰখাৰ লগতে প্ৰয়াত উদ্ধৱ দাসৰ নশ্বৰ দেহ প্ৰেৰণ কৰিবলৈ আহ্বান জনাই ইয়াৰ বাবে যাৱতীয় সকলো খৰচ বহন কৰাৰ নিশ্চিতি প্ৰদান কৰে৷ মন্ত্ৰী দাসে আক্ৰান্ত তীৰ্থযাত্ৰীসকলৰ লগত থকা অপূৰ্ব ৰায় নামৰ আন এগৰাকী সুস্থ তীৰ্থযাত্ৰীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি তেওঁলোকৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত বুজ লৈছে বুলি জানিবলৈ দি তীৰ্থযাত্ৰী উদ্ধৱ দাসৰ এই আকস্মিক বিয়োগত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷