যদি ৰাজ্য চলাব পৰা নাই, তেন্তে VRS লৈ নিজৰ ৰিজ’ৰ্টত জিৰণি লওক মুখ্যমন্ত্ৰীয়েঃ গৌৰৱ গগৈৰ পৰামৰ্শ

গুৱাহাটীঃ বিগত লোকসভা নিৰ্বাচনত ধুবুৰী, যোৰহাটৰ দৰে সমষ্টিত এটা বিশেষ দলৰ জয়লাভৰ পিছতে ধিং, মঙলদৈ আদিৰ দৰে ঠাইত জঘন্য অপৰাধৰ ঘটনা বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে।

ৰাজ্যৰ গৃহ বিভাগ পৰিচালনাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি দাবী কৰি সাংসদ গৌৰৱ গগৈয়ে এই প্ৰশ্নও কৰে যে লোকসভা নিৰ্বাচনৰ সৈতে এনে অপৰাধ কাৰ্য্যৰ সম্পৰ্ক কি?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া সকলো ফালে বিফল হৈ হতাশাত ভুগিছে বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে লগতে কয় যে আমি পাহৰি গৈছো নেকি যে ১৫ আগষ্টত কি হ’ল, আমি পাহৰি গৈছো নেকি যে বিভিন্ন ঠাইত মাৰপিট হৈছে, সমাজৰ মাজত কাজিয়া লাগিছে।

হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ৰাজ্যত ডকাইত, চোৰৰ সংখ্যা বৃদ্ধি পাইছে আৰু যুৱ প্ৰজন্ম আলফাৰ প্ৰতি আকৃষ্ট হৈ অৰণ্যমুখী হৈছে বুলিও গুৰুতৰ অভিযোগ কৰে সাংসদ গৌৰৱ গগৈয়ে।

নিজৰ হাতত থকা গৃহ বিভাগটো পৰিচালনাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা হিমন্ত বিশ্ব শৰ্মাই এতিয়া হতাশ হৈ আবোল-তাবোল বকিবলৈ আৰম্ভ কৰিছে বুলি মন্তব্য কৰে গগৈয়ে। তেওঁ লগতে কয়, ”যদি হিমন্ত বিশ্ব শর্মাই ৰাজ্য চলাব পৰা নাই, অপৰাধ নিয়ন্ত্ৰণ কৰিব পৰা নাই, তেন্তে তেওঁ ভি আৰ এছ লৈ লওক। আমি জানো তেওঁ বহু ধন সম্পত্তি গঢ়িছে। তেওঁ নিজৰ ডাঙৰ ৰিজ’ৰ্টলৈ গৈ জিৰণি লৈ শান্তিত থাকক।’’

আনহাতে যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাৰ মূল অস্ত্ৰপাত ধ্বংস কৰিবলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে গগৈয়ে। তেওঁ কয় যে বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাৰ, বিজেপিৰ ঘনিষ্ঠ বন্ধু আছিল। নিৰ্বাচনৰ সময়ত দুয়োজনে সাম্প্ৰদায়িক মন্তব্য কৰি আহিছিল। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ঘনিষ্ঠ বন্ধু বদৰুদ্দিন আজমলক বহু মিছ কৰিছে বু্‌লিও কটাক্ষ কৰে গৌৰৱ গগৈয়ে।

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে