
দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংগঠন এছেইনৰ ভাৰতৰ অৰ্থনৈতিক পৰামৰ্শ অনুষ্ঠান অহা অহা ২১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব৷ এই অনুষ্ঠানৰ পূৰ্বে কালি অসম বিজেপিৰ নেতা তথা লাওচৰ ব্যৱসায়ী হাবিব মহম্মদ চৌধুৰীয়ে লাওচত ভাৰতৰ ৰাষ্ট্ৰদূত প্ৰশান্ত আগৰৱালাক সাক্ষাৎ কৰে৷ হাবিব মহম্মদ চৌধুৰীয়ে প্ৰকাশ কৰা মতে, অনুষ্ঠানৰ প্ৰস্তুতি সম্পৰ্কে জানিবলৈ লাওচত ভাৰতৰ ৰাষ্ট্ৰদূত প্ৰশান্ত আগৰৱালাক সাক্ষাৎ কৰি আলোচনাত মিলিত হয়৷ আজি লাওচত হাবিব মহম্মদ চৌধুৰীৰ ভাতৃ তথা এইছএছএমএম গ্ৰুপৰ অধ্যক্ষ সৌখতাভি চৌধুৰীক (চাদিক) ‘জীৱনজোৰা সাধনা ASEAN উদ্যোগী’ সন্মানেৰে সন্মানিত কৰে প্ৰধানমন্ত্ৰী সোনেক্সে সিফাণ্ডোনে৷ এই বৈঠকত এছিয়া ইনভেষ্টমেণ্ট বেংকিং কনভাৰেন্সৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডাতো ৰমেশ কোডাম্মাল, এইছএছএমএম গ্ৰুপৰ অধ্যক্ষ সৌখতাভি চৌধুৰী (চাদিক) উপস্থিত থাকে।