শুকুৰ আলীৰ আহোম বিৰোধী মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

অসমৰ ৰাজনীতি পুনৰ এবাৰ উত্তপ্ত হৈ পৰিছে। ষ্টাৰ প্ৰচাৰক হিচাপে পৰিচিত শুকুৰ আলীয়ে আহোম জনগোষ্ঠীক লৈ কৰা অপমানজনক মন্তব্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এক সংখ্যালঘু এলেকাত অনুষ্ঠিত সভাত শুকুৰ আলীয়ে কয়, “আহোমসকলে একো কৰা নাই, কেৱল লবী ৰাজনীতি কৰিছে। লাচিত বৰফুকনো লবী ৰাজনীতিত পৰিপুষ্ট আছিল।” লগতে তেওঁ কৈছে, “ৰাম মন্দিৰ নিৰ্মাণ হোৱা মাটি ঔৰংজেৱে দি গৈছিল। কামাখ্যা মন্দিৰ য’ত নিৰ্মিত, সেই মাটিও ঔৰংজেৱে দিয়া বুলি কোৱা হয়।” এই মন্তব্যই উজনি অসমত বিশেষকৈ আহোম জনগোষ্ঠীৰ মাজত ব্যাপক ক্ষোভৰ সঞ্চাৰ কৰিছে।

সামাজিক মাধ্যমত শুকুৰ আলীক “বিকৃতমস্তিষ্কৰ লম্পট” বুলি আখ্যা দি বহুতে তীব্ৰ প্ৰতিবাদ জনাইছে। একাংশে সোধে, “আহোমসকলক অপমান কৰিবলৈ ক’ত সাহস পালে?” আৰু “ঔৰংজেৱে দিয়া মাটিত কামাখ্যা মন্দিৰৰ নিৰ্মাণ—এই তথ্য কোনখন বুৰঞ্জীত আছে?” বুলি খং উজাৰিছে।

এই মন্তব্যৰ বিৰুদ্ধে সদৌ অসম গোসাঁই সমাজ আৰু অন্যান্য আহোম সংগঠনে দিছপুৰ আৰক্ষী থানাত শুকুৰ আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। সংগঠনসমূহে শুকুৰক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে।

কংগ্ৰেছৰ মুখপাত্ৰ ৰূপা কলিতাই এই মন্তব্যক সমালোচনা কৰি কয়, “বিজেপিয়ে আগতে বহুবার আহোমসকলক অপমান কৰিছে, আৰু এতিয়া শুকুৰ আলীক আগবঢ়াই অপমান কৰোৱা হৈছে। এই অপমান অসমৰ ইতিহাসক অসম্মান কৰা।”

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ