শুৱালকুছি-পলাশবাৰীক সংযোগ কৰা ব্ৰহ্মপুত্ৰৰ ওপৰৰ নিৰ্মাণ হ’বলগীয়া দলঙৰ ভূমি পূজন মুখ্যমন্ত্ৰীৰ

আজি ব্ৰহ্মপুত্ৰ ওপৰত নিৰ্মাণ হ’বলগীয়া আৰু পলাশবাৰী-শুৱালকুছি সংযোগ কৰিবলগীয়া চাৰিলেনযুক্ত দলঙৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসম দলং নিৰ্মাণ প্ৰকল্পৰ অধীনত ব্ৰহ্মপুত্ৰৰ ওপৰত পলাশবাৰী-শুৱালকুছি ফৰলেন যুক্ত এক্সট্ৰা ডজড দলঙৰ নিৰ্মাণে ব্ৰহ্মপুত্ৰৰ উত্তৰ ফাল আৰু দক্ষিণ ফালৰ লোকসকলৰ ব্যৱসায়িক দিশত অধিক সূচল হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে। ৩, ১৯৭ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ হ’বলগীয়া দলংখনে তেওঁৰ নিজৰে সপোন সাকাৰ কৰা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। নিৰ্মাণৰত দলংখনে বিজেপিৰ প্ৰগতিৰ যাত্ৰাৰ অন্য এক মাত্ৰ বুলিও মন্তব্য কৰাৰ লগতে দূৰত্বই প্ৰতিবন্ধক হিচাপে থিয় দিয়া কিছুমান ব্যক্তিগত কোম্পানীৰ ব্যৱসায়ে এতিয়া দুয়োপাৰে ইচ্ছানুযায়ী ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ সুবিধা থাকিব। বিদ্যায়তনিক দিশতো এক নতুন দিগন্তৰ সুচনা কৰিব। উত্তৰ ফালৰ ছাত্ৰই গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিলে মাত্ৰ পোন্ধৰ মিনিটত বিশ্ব বিদ্যালয় পাব। এলএনটিয়ে নিৰ্মাণ কৰিবলগীয়া দলং ২০২৮ চনৰ জুনৰ ভিতৰত অসমবাসীলৈ মুখ্যমন্ত্ৰীয়ে যাতায়তৰ বাবে মুকলি কৰি উপহাৰ দিব বুলি মন্তব্য কৰে। ভূমি পূজনত ৰাজ্য সভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাৰ, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পৰিবহন নিগমৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাস, অনুসূচিত জাতি মৰ্চাৰ উপ-সভাপতি প্ৰকাশ চন্দ্ৰ দাস, শুৱালকুছি মণ্ডল বিজেপিৰ সভাপতি ধীৰাজ মহন্ত (বুবু), মণ্ডল সম্পাদক মাণিক বৈশ্য, যুৱনেতা কেশৱ কলিতা আদি উপস্থিত থাকে।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে