
ডিজিটেল ডেস্কঃ যি-২০ বিশ্বকাপত অপ্ৰতিৰোধ্য ভাৰতীয় বাহিনীৰ এতিয়া চলিছে দুৰ্দিন। শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া শৃংখলাত ইখনৰ পিছত সিখনকৈ খেলত পৰাজয় বৰণ কৰিবলগীয়া হোৱা ভাৰতীয় দলটোৰ প্ৰদৰ্শনে আশাহত কৰিছে ভাৰতীয় ক্ৰিকেট সমৰ্থকসকলক। দেওবাৰে অনু্ষ্ঠিত হোৱা শৃংখলাৰ দ্বিতীয়খন খেলতো ৩২ ৰানত পৰাস্ত হয় ভাৰতীয় দলটো।
উল্লেখ্য যে, টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা শ্ৰীলংকাই ভাৰতৰ সন্মুখত বান্ধি দিয়ে ২৪০ ৰানৰ লক্ষ্য। এই লক্ষ্যৰ পিছা কৰি ৰোহিত শৰ্মাই দৰ্শনীয় ৬৪ ৰানৰ ইনিংছ খেলে যদিও বিৰাট কোহলী, শিৱম ডুবে, কে এল ৰাহুলৰ দৰে আন আন দুৰ্দান্ত বেটছমেনসকল সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। যাৰ পৰিণামস্বৰূপে ২০৮ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই শ্ৰীলংকাৰ বলাৰৰ সন্মুখত নতি স্বীকাৰ কৰিবলগীয়া হয় টীম ইণ্ডিয়াই।
দলীয় বেটিঙৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰীলংকাই ২৪০ ৰান সংগ্ৰহ কৰে। আভিস্কা ফাৰ্নাণ্ডো আৰু কামিন্দু মেণ্ডিছে সৰ্বাধিক ৪০ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও ৱাছালাগে ৩৯ ৰান, কুশল মেণ্ডিছে ৩০ ৰান আৰু চৰিথ আছলাংকাই ২৫ ৰান সংগ্ৰহ কৰে। ইফালে, ভাৰতৰ হৈ সৰ্বাধিক তিনিটা উইকেট দখল কৰে ৱাশ্বিংটন সুন্দৰে। ইয়াৰ উপৰিও কুলদীপ যাদৱে ২টা, মহম্মদ চিৰাজ আৰু অক্ষৰ পেটেলে এটাকৈ উইকেট লাভ কৰে।
পিছত ভাৰতে মাত্ৰ ১৩.২ অভাৰত অ’পেনাৰ ৰোহিত শৰ্মা আৰু শুভমন গীলৰ বেটত ৯৭ ৰান সংগ্ৰহ কৰে। ৪৪টা বলত ৬৪ ৰান কৰি ৰোহিত শৰ্মাই আউট হোৱাৰ পাছত ভাৰতীয় বেটিং তাচপাতৰ দৰে খহিবলৈ আৰম্ভ কৰে। মাত্ৰ ২৩.১ অভাৰত ১৪৭ ৰানত ৬ উইকেট হেৰুৱায় ভাৰতে। কে এল ৰাহুল আৰু শিৱম ডুবে শূণ্য ৰান কৰিয়েই উভতে পেভিলিয়নলৈ।