সভাপতিবিহীন অসম তৃণমূল কংগ্ৰেছৰ তত্বাৱধায়ক মলয় ঘটক, অসম TMCত বৰাকৰ নেতাৰ দপদপনি

মমতা বেনাৰ্জীৰ দলে অসমত সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ উঠি-পৰি লাগিছে৷ পশ্চিমবংগৰ পৰা হায়াৰ কৰি অনা নেতাক অসমৰ তৃণমূল কংগ্ৰেছৰ দায়িত্ব দিয়া হৈছে৷ পশ্চিমবংগৰ আইন মন্ত্ৰী মোলয় ঘটকক অসম তৃণমূলৰ দায়িত্ব দিয়া হৈছে। দেওবাৰে অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই ঘোষণা কৰা হৈছে। এমাহ পূৰ্বে প্ৰদেশ সভাপতিৰ দায়িত্ব এৰাৰ লগতে দলৰ ত্যাগ কৰিছিল ৰিপুন বৰাই৷ বৰ্তমান নেতৃত্বহীন হৈ থকা দলটোৰ অসম প্ৰদেশ সমিতিৰ দায়িত্ব হৈছে মোলয় ঘটকক৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ প্ৰাক্তন নেতা ৰিপুন বৰাৰ নেতৃত্বত অসমত সংগঠন শক্তিশালী কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছিল দলটোৱে৷ কিন্তু ফলাফল শূন্য৷ এজনো প্ৰাৰ্থীয়ে ৫ হাজাৰতকৈ বেছি ভোট লাভ নকৰিলে৷ সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱক দুবাৰকৈ ৰাজ্যসভালৈ প্ৰেৰণ কৰা হৈছে। ৰিপুন বৰা সুস্মিতা সেনৰ জড়িয়তে টিএমচিলৈ গৈছিল৷ লোকসভা নিৰ্বাচনত দলটোৱে অসমত চাৰিখন আসনত প্ৰতিদ্বন্দিতা কৰিছিল। শিলচৰ, লখিমপুৰ, বৰপেটা আৰু কোকৰাঝাৰ আসনত শোচনীয় পৰাজয়ৰ সন্মুখীন হয়। লোকসভা নিৰ্বাচনৰ পিছতে ৰিপুন বৰাই ১ ছেপ্টেম্বৰত অসম টিএমচিৰ সভাপতি পদ আৰু দল ত্যাগ কৰে। তেতিয়াৰ পৰা অসম টিএমচিৰ সভাপতিৰ পদ খালী হৈ আছে। এইবাৰ বংগৰ পৰা এজন নেতাক অসমলৈ পঠিয়াই তৃণমূলে অসমত সংগঠন শক্তিশালী কৰিব বিচাৰিছে। মোলয়ে কয় যে দলটোৱে মোক দায়িত্ব দিয়ে, মই সেই দায়িত্ব পালন কৰিবই লাগিব।

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক